![]()
ভাৰত আৰু চীনে পূব লাডাখৰ গোগ্ৰা হটস্প্ৰিংছ পেট্ৰলিং অঞ্চল ১৫ৰ পৰা সৈন্য প্ৰত্যাহাৰৰ কাম সম্পূৰ্ণ কৰিছে। দিল্লীত সেনাধ্যক্ষ মনোজ পাণ্ডেয়ে কয় যে সূচী অনুসৰি চীনা আৰু ভাৰতীয় সৈন্যই অঞ্চলটোৰ পৰা প্ৰত্যাহাৰ কৰিছে। যোৱা ৯ ছেপ্টেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনাইছিল যে ১২ ছেপ্টেম্বৰৰ ভিতৰত সেনা স্থানান্তৰিত কৰাৰ কাম সম্পূৰ্ণ হʼব।

উল্লেখ্য, সেনাধ্যক্ষ পাণ্ডে দুদিন ধৰি লাডাখত আছিল সমগ্ৰ ব্যৱস্থাটো পৰ্যালোচনা কৰিবলৈ। সোমবাৰে দিল্লীলৈ উভতি অহাৰ সময়ত সেনাবাহিনীৰ এক অনুষ্ঠানত অংশ লৈ তেওঁ সাংবাদিকক লাডাখৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
২০২০ চনৰ ৫ মেʼত পূব লাডাখৰ পাংগং হ্ৰদ অঞ্চলত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ পিছতে প্ৰবল উত্তেজনাৰ মাজতে দুয়োপক্ষই অঞ্চলটোত সেনা নিয়োগ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।
তেতিয়াৰে পৰা তাত উত্তেজনা দূৰ কৰিবলৈ বাৰে বাৰে আলোচনা চলি আহিছে। অৱশেষত কিছুদিন পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, ৮ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰৰ পুৱা ৮.৩০ বজাৰ ভিতৰত দুয়োখন দেশে গোগ্ৰা হটস্প্ৰিংছ অঞ্চলৰ পেট্ৰলিং পইণ্ট ১৫ৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ সন্মত হৈছে।
এনে অৱস্থাত সেনাবাহিনী প্ৰত্যাহাৰৰ অন্তিম দিনা সেনাৰ উত্তৰ সেনাধ্যক্ষ উপেন্দ্ৰ দ্বিবেদীয়ে পশ্চিম লাডাখৰ বিভিন্ন অঞ্চলত উপনীত হয়। তাত সেনাৰ প্ৰস্তুতি পৰীক্ষা কৰে। তেওঁ সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। পিছত দ্বিবেদীয়ে বটালিক ছেক্টৰলৈ গৈ ভূমিত সেনাৰ প্ৰস্তুতি পৰিলক্ষিত কৰে।










