![]()
আপুনি যদি নিজৰ গাড়ীৰ খিৰিকীত ব্লেক নেট ব্যৱহাৰ কৰিছে তেতিয়াহ’লে আজিয়ে সাৱধান হওঁক। নহ’লে আপুনি ভৰিব লাগিব জৰিমনা। মঙলবাৰে টুইটযোগে অসম আৰক্ষীয়ে জনালে এই কথা।
অসম আৰক্ষীয়ে টুইটত লিখিছে যে, “যিয়েই নহওক ক’লা ক’লায়েই! দেখা গৈছে যে কিছুমান লোকে বাহনৰ খিৰিকীত ব্লেক টিণ্টিঙৰ সলনি ব্লেক নেটৰ ব্যৱহাৰ কৰে। আমি পুনৰ ক’ব বিচাৰো যে বাহনত ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰে আপোনাক জৰিমনা ভৰাব পাৰে। অস্বচ্ছ ব্লেক নেট চানস্ক্ৰীণৰ পৰিপূৰক নহয়।”













