বৃহত্তৰ বোকাখাত অঞ্চলৰ বন্যাৰ্তৰ হাহাকাৰ তথা কৃষিভূমি আৰু পশুধনৰ বিস্তৰ ক্ষতি সাধন
ASSAM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা কাজিৰঙা আৰু বৃহত্তৰ বোকাখাত অঞ্চলত বানৰ তাণ্ডৱ আজিও অপৰিবৰ্তিত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯৫ শতাংশ বনাঞ্চল এতিয়া সম্পূৰ্ণ জলমগ্ন। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানে কাজিৰঙাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ এচোৱা জলমগ্ন কৰি তোলাৰ ফলত পৰিবহন সম্পূৰ্ণ বন্ধ হৈ দেশৰ বাকী অংশৰ সৈতে উজনিৰ সংযোগ বিচ্ছিন্ন কৰি তোলে।
ফলত আবদ্ধ হৈ পৰে বহু যান বাহন। কাজিৰঙাৰ বান পৰিস্থিতিৰ বাবে নুমলীগড়ত নামনিলৈ যোৱা পথ বন্ধ কৰি দিয়াৰ ফলত উজনি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ আন আন স্থানৰ পৰা অহা বহু যান বাহন আবদ্ধ হৈ যাত্ৰী সকলৰ মাজত না-জল না-থল পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত বহুত যাত্ৰীয়ে দেৰগাঁও-গোলাঘাট-ডিফু হৈ আৰু বহুতে ফৰকাটিঙৰ পৰা ৰে’লযোগেও নামনিলৈ যাতায়াতৰ ব্যৱস্থা কৰিব লগীয়া হৈছে। ইফালে যোৱা ১৩ আৰু ১৫ জুলাইৰ ভিতৰত বানত ডুবি আৰু বানৰ পৰা পৰিত্ৰাণ পাবলৈ পথত আশ্ৰয় ল’বলৈ গৈ চলন্ত বাহনৰ খুন্দাত মুঠ ১৭ টি হৰিণা মৃত্যুমুখত পৰিছে বুলি প্ৰকাশ।
অসম চৰকাৰৰ বন বিভাগৰ কৰ্মচাৰী, বন্যপ্ৰাণীৰ পুনঃসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ দল আৰু স্থানীয় ৰাইজৰ উদ্যোগত মুঠ ১৪ টা হৰিণা বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হয় আৰু চিকিৎসাৰ অন্তত ইয়াৰে ১০ টাক মুকলি কৰি দিয়া হয়। ৪ টা হৰিণা এতিয়াও চিকিৎসাধীন হৈ আছে। মৃত হৰিণা কেইটিৰ এটাৰ বন্যপ্ৰাণীৰ পুনঃসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ উদ্ধাৰ কৰি অনাৰ পিছত শুশ্ৰূষাধীন হৈ থকা অৱস্থাত মৃত্যু হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বমুঠ ছটা ৰেঞ্জৰ মুঠ ১৯৯ টা শিবিৰৰ ১৫৮ টাই জলমগ্ন হয় আৰু এই পৰ্যন্ত তাৰে ১৮ টা শিবিৰক স্থানান্তৰ কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ অধিক বাঢ়নী পানীয়ে মৰি-ধনশিৰি, ডিফলু আৰু তিনিসুঁতিৰ নৈৰ বাঢ়নী পানীক ভেটি দক্ষিণলৈ উজাই অহাৰ ফলত বৃহত্তৰ বোকাখাত অঞ্চলৰ বহু গাঁও জলমগ্ন হৈ ঘৰ-বাৰী, কৃষিভূমি আৰু পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰিছে। এই বানে প্ৰায় সম্পূৰ্ণ বুৰাই পেলাইছে বোকাখাত নগৰৰ ১ নং ৱাৰ্ড, বোকাখাতৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয় আৰু নৱনিৰ্মিত প্ৰয়াস নাট্য বিদ্যালয়ৰ মঞ্চ এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন। তদুপৰি নিকতবৰ্তী বেল’গুৰি, পলাশগুৰিকে আদি কৰি প্ৰায় আঠ-দহখন গাঁৱক এই বানে বুৰাই গ’ল। ইফালে নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানে বুৰাই পেলালে বোকাখাত নগৰৰ ১ নং ৱাৰ্ড। বোকাখাত কাজিৰঙা অঞ্চলৰো ২ নং ডোমজান, বিলপাৰ, ভোগীবঢ়ানী, বেজগাঁও, শ’লমাৰী, মিহিমুখ, দ-গাঁও, বচাগঁৱৰ ৰাষ্ট্ৰীয় ঘাঁইপথৰ উত্তৰ পাৰৰ অংশ বিশেষ, কঁহৰাৰ ওপৰিও ডিফলু পথাৰ, তামুলী পথাৰ, শুকানী গাঁও আদি গাঁও সমূহৰ বিস্তীৰ্ণ এলেকা জলপ্লাৱিত হৈছে। তাৰোপৰি সম্পূৰ্ণৰূপে বান বিধ্বস্ত হৈছে দিচৈ পঞ্চায়ত, উত্তৰ মহুৰাৰ ৭০ শতাংশ অঞ্চল আৰু মধ্য মহুৰাও বানৰ কবলত। চলিত বছৰটোৰ প্ৰথমটো বানে ইতিমধ্যে ঢৌৱাই যোৱা নুমলীগড় অঞ্চলৰ ধোদাং, চিনাকানৰ পৰা আৰম্ভ কৰি বুধবাৰী, হাঁহচৰা আদি অঞ্চলো ব্ৰহ্মপুত্ৰ-গেলাবিলৰ বানত ডুবিছে। বৰ্তমান দক্ষিণ পাৰলৈ ক্ৰমাৎ বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বানত যোগনীয়া অঞ্চল সম্পূৰ্ণৰূপে ডুব গৈ কৃষিভূমি, পশুধনৰ বিস্তৰ ক্ষতিৰ লগতে সাধাৰণ জীৱন গুৰুতৰভাবে ব্যাহত হৈ পৰিছে। ইতিমধ্যে তিনিসুঁতিৰ দলঙেদি উজাই যোৱা পানীত মধুপুৰীয়া পথাৰখন সম্পূৰ্ণ জলমগ্ন হৈছে। এই বাতৰি লিখা পৰ্যন্ত পানী ক্ৰমাৎ বাঢ়ি আছে আৰু ইয়ে কাষতে থকা মেৰ’কান, খতিয়াখলি, নেপালীখুটি আদি গাঁও প্লাৱিত কৰি পোলোৱাৰ আশংকাই বৃহৎ অঞ্চলৰ ৰাইজক শংকিত কৰি ৰাখিছে।
ইতিমধ্যে বানপীড়িত সকলক প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সমূহীয়া উদ্যোগত বিভিন্ন নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে আৰু প্ৰশাসনৰ তৰফৰ পৰা খাদ্য, ভ্ৰাম্যমাণ হাস্পতাল আৰু দৰবকে আদি কৰি অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা হৈছে যদিও পৰ্যাপ্ত চিকিৎসাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। তদুপৰি খোৱা পানীৰ অভাৱে পিষ্ট কৰিছে বানপীড়িতক। এটুপি খোৱা পানীৰ বাবে বহু দূৰৰ পৰা নাৱেৰে খোৱা পানী কঢ়িয়াই আনিব লগীয়া হৈছে আশ্ৰয় শিবিৰৰ বান-শৰণাৰ্থীয়ে। তাতোকৈ উল্লেখনীয় যে দিচৈ পঞ্চায়তৰ বহু বন্যাৰ্তৰ বাবে আশ্ৰয় শিবিৰ এতিয়া আকাশ কুসুমত পৰিণত হৈছে। এই সকল বন্যাৰ্তই পথৰ কাষতে নিজাকৈ অস্থায়ীভাৱে ব্যৱস্থা কৰি লোৱা চালিৰ তলতে নিজৰ লগতে পশুধনৰো জীৱন বচাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছে। তাত প্ৰশাসনৰ খাদ্য সামগ্ৰীৰ সাহায্য পাইছে যদিও বোকা-পানীৰ কদৰ্য পৰিৱেশত ৰন্ধন কাৰ্যৰ বাবে সুচল ঠাইৰ অভাৱ ঘটি দুমুঠি অন্নৰ বাবে বন্যাৰ্তৰ মাজত হাহাকাৰ হৈছে।