ASSAM TIME POST
নগাঁও : নগাঁৱৰ দাঁতি কাষৰীয়া কাৱৈমাৰীত যোৱা নিশা এগৰাকী মহিলাৰ নিজ ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্হাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিহত মহিলা গৰাকীৰ নাম কল্পনা দেৱী । মহিলা গৰাকীৰ মৃতদেহ শোৱনি কোঠাৰ মজিয়াত হাত ভৰি বান্ধি পৰি থকা অৱস্হাত উদ্ধাৰ হয় ।
তেওঁ দুগৰাকী যুৱতী কন্যাৰ মাতৃ । তেওঁৰ স্বামী কমলেশ্বৰ শ্বাহ এজন শিক্ষক । কমলেশ্বৰ শ্বাহ কালি পুৱাবেলা গুৱাহাটীলৈ যায় । নিশা চাৰে ন মান বজাত ঘৰত উপস্হিত হৈ তেওঁ নিজ গৃহৰ সন্মুখৰ দুৱাৰত তলা ওলমি থকা দেখি আচৰিত হয় । ততাতৈয়াকৈ তেওঁ কোঠাৰ খিৰিকিয়েদি জুমি চাই পত্নীক কোঠাৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে ওচৰ চুবুৰীয়া আৰু আন বন্ধু কেইজনমানক খৱৰটো দিয়ে । পিছত আৰক্ষীক খৱৰ দিয়া হয় ।
আৰক্ষী উপস্হিত হৈ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীৰ মৃত্যু নিশ্চিত কৰে । চুৰিদাৰ পৰিহিত মহিলা গৰাকীৰ হাত আৰু ভৰি দুটা কাপোৰেৰে বান্ধি থোৱা অৱস্হাত ওপৰ মুৱাকৈ কোঠাৰ মজিয়াত পৰি আছিল । মহিলা গৰাকীৰ দেহত দেখা নগৈছিল কোনো আঘাটৰ চিন । কোঠাৰ বিচনা দুখন অবিনষ্ট অৱস্হাত আছিল যদিও কোঠাত নাছিল কোনো চুৰি ডকাইটিৰ চিন । মহিলা গৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্হা কৰাৰ লগতে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে ।
জানিব পৰা মতে , মহিলা গৰাকীৰ দুয়োগৰাকী কন্যা বাহিৰত থাকে আৰু এগৰাকীক পুৱা পিতৃয়ে দুলিয়াজানলৈ যাবলৈ নগাঁও চহৰত গাড়ীত উঠাই দি ঘৰলৈ ঘুৰি যায় । তাৰ পিছত এঘাৰমান বজাত তেওঁ গুৱাহাটীলৈ যায় । মহিলা গৰাকীৰ ঘৰত দুজন মিস্ত্ৰীয়ে দিনত কাম কৰিছিল আৰু তেওঁলোকে বিয়লি ঘৰৰ দুৱাৰ বন্ধ দেখিছিল । মিস্ত্ৰী দুজনক দিনত মহিলা গৰাকীয়ে কোনো খোৱা বোৱাও দিয়া নাছিল । আৰক্ষীয়ে মিস্ত্ৰী দুজনক সোধাপোচা কৰিছে যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । মহিলা গৰাকীক কোনে কি কাৰণত হত্যা কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত ।













