![]()
ঘৰৰ পৰা ১৭ কোটিৰো অধিক টকা উদ্ধাৰ হোৱা গাৰ্ডেনৰিচৰ ব্যৱসায়ী আমিৰ খানক উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অনলাইন গেম প্ৰতাৰণা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ব্যৱসায়ীজনক। ট্ৰেনজিট ৰিমাণ্ডত তেওঁক নিয়া হʼব।
১০ ছেপ্টেম্বৰত ইডিয়ে মোবাইল গেমিং এপৰজৰিয়তে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগৰ তদন্তৰ বাবে গাৰ্ডেনৰিচৰ শ্বাহী ষ্টেবল লেন, পাৰ্ক ষ্ট্ৰীট, মমিনপুৰৰ বান্দাৰ অঞ্চলকে ধৰি ছটা স্থানত অভিযান আৰম্ভ কৰে। তালাচীৰ সময়ত আমিৰৰ ঘৰৰ বিছনাৰ তলৰ পৰা ধনৰ বাণ্ডিল উদ্ধাৰ কৰা হয়। বেংকৰ পৰা ধন গণনা কৰা মেচিন আনি দেখা যায় যে তাত ১৭ কোটিতকৈও অধিক টকা আছে।
ইডিয়ে জনোৱা মতে, তালাচীৰ সময়ত গাৰ্ডেনৰিচৰ ব্যৱসায়ী নিছাৰ আহমেদ খানৰ পুত্ৰ আমিৰৰ বিৰুদ্ধে পাৰ্ক ষ্ট্ৰীট আৰক্ষী থানাত জালিয়াতিৰ অভিযোগ দাখিল কৰা হৈছিল। উক্ত পুৰণি গোচৰটোৰ তদন্ত কৰি আমিৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল।
অৱশেষত সফলতা আহে। গাজিয়াবাদৰ পৰা কলকাতা আৰক্ষীয়ে আটক কৰে আমিৰক। তদন্তকাৰীয়ে আমিৰক জেৰা কৰি এই জালিয়াতিৰ চক্ৰত আৰু কোন জড়িত আছে সেয়া জানিবলৈ চেষ্টা কৰিছে।











