![]()
আগ্নেয়গিৰিৰ ওপৰত ৰছীৰ সহায়ত খালী ভৰিৰে আটাইতকৈ দীঘলীয়া স্কেকলাইন খোজ কাঢ়ি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ ৰচিলে দুই সাহসিক যুৱকে। ৰাফেল জুগনো ব্ৰীডি আৰু আলেকজেণ্ডাৰ শ্বাল্টজ নামৰ দুই যুৱকে এই সাহসিকতাৰ কাম সমাপন কৰে।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত ৰাফেল আৰু আলেকজেণ্ডাৰক আগ্নেয়গিৰিটোৰ এটা চুকৰ পৰা ২৬১ মিটাৰ (৮৫৬ ফুট) ওপৰলৈ ৰছীৰে খালী ভৰিৰে খোজ কাঢ়ি যোৱা দেখা গৈছে। ভিডিঅ’টো প্ৰশান্ত মহাসাগৰৰ টান্না দ্বীপৰ য়াছাৰ আগ্নেয়গিৰিৰ।
ক্লিপটোত দুয়োজনেই হেলমেট আৰু গেছ মাস্ক পিন্ধি ৰছীৰে খোজ কাঢ়ি গৈ আছে আৰু পিছফালৰ পৰা বিস্ফোৰণ ঘটিছে আগ্নেয়গিৰিটো। নিৰ্বিঘ্নে খোজ কাঢ়ি ইতিহাস তথা
বিশ্ব অভিলেখ সৃষ্টিৰ পিছত ৰাফেলে সেই মুহূৰ্তৰ চিত্ৰ সামাজিক মাধ্যমত পোষ্ট কৰি লিখে যে ”এটা সপোন বাস্তৱায়িত কৰিবলৈ কিমান কষ্টৰ প্ৰয়োজন, সেয়া এই ছবিখনেই প্ৰমাণ। মোৰ বাবে ভাৰসাম্য ৰক্ষা কৰাটো সহজ নাছিল। বন্ধুসকল আৰু আলেকজেণ্ডাৰলৈ ধন্যবাদ।”









