![]()
কলিয়াবৰৰ বাগৰিত লোমহৰ্ষক হত্যাকাণ্ড। ৫ দুৰ্বৃত্তই মিলি এগৰাকী মহিলাক খুকুৰী দাৰে ঘপিয়াই কাৰ্বি পাহাৰৰ পিনে পলায়ন কৰে। মহিলাগৰাকী আছিল জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাগৰি আৰক্ষী চকীৰ বাগৰি গাঁৱৰ নিবাসী মণ্টু বৰুৱাৰ পত্নী অঞ্জনা কুৰুৱা।
জানিব পৰা মতে, মহিলাগৰাকী ৰাতিপুৱা শুই উঠি মুখ ধুই থকা সময়তে তেওঁৰ ডিঙি কাটি হত্যা কৰে দলটোৱে। পৰৱৰ্তী সময়ত, মহিলাগৰাকীয়ে যন্ত্ৰণাত চিঞৰাত পৰিয়ালৰ লোকে মহিলা গৰাকীক ভিতৰলৈ আনে যদিও তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ লোকে দুৰ্বৃত্ত কেইজন পাহাৰৰ দিশে পলায়নৰ অভিযোগ উত্থাপন কৰিছে।













