![]()
গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত প্ৰজ্ঞা ফাউণ্ডেচনৰ দ্বাৰা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা ৪ দিনীয়া ‘ভাৰত মাতা পূজন’ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তাত উপস্থিত হৈ তেওঁ মাতৃভূমিলৈ প্ৰাৰ্থনা জনোৱাৰ সুযোগ পাই ধন্য হোৱা বুলি উল্লেখ কৰে।


তেওঁ লগতে কয়, ভাৰত মাতা পূজনৰ দৰে অনুষ্ঠানে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত দেশপ্ৰেমৰ ভাব জগাই তোলাৰ লগতে আমাক আমাৰ চহকী ঐতিহ্য আৰু সংস্কৃতিৰ কথা সোঁৱৰাই দিয়ে। উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ আৰু নাগৰিক সমাজৰ জ্যেষ্ঠ সদস্যসকলো উপস্থিত থাকে।













