ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যত পিঁয়াজৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে বুধবাৰে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াৰ সৈতে দিছপুৰত এক বৈঠকত মিলিত হয়। জানিবপৰা মতে, বৰ্তমান প্ৰতি কেজি পিঁয়াজৰ মূল্য ৮০ টকা হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ দাম কমাব পৰা যায় নেকি, সেই সম্পৰ্কত মন্ত্ৰীয়ে চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলৰপৰা উপায় বিচাৰে। কিন্তু তেওঁলোকে মন্ত্ৰীক জনাই যে জানুৱাৰীলৈকে পিঁয়াজৰ মূল্য হ্ৰাস কৰাটো প্ৰায় অসম্ভৱ। দেশৰ প্ৰধান পিঁয়াজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰত বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যোগান হ্ৰাস পাইছে। ইফালে, নাছিকৰপৰা পিঁয়াজ আহিছে যদিও পৰিমাণত বৰ্ধিত চাহিদাতকৈ বহুগুণে কম।













