ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ মা কামাখ্যা মন্দিৰ দৰ্শন:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 14, 2022
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ মা কামাখ্যা মন্দিৰ দৰ্শন:

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ আজি দ্বিতীয়টো দিন। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত দ্ৰৌপদী মুর্মুৱে মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ লয়। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতিয়ে কামাখ্যা দৰ্শন কৰে। ৰাষ্ট্ৰপতিৰ কামাখ্যা দৰ্শনত সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল জগদীশ মুখী, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আদিয়ে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ মা কামাখ্যা মন্দিৰ দৰ্শনউল্লেখ্য, দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।বৃহস্পতি বাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ লগতে তেখেতে আই আই টি গুৱাহাটীত পৰম কামৰূপা চুপাৰকম্পিউটিং ফেচিলিটী, হাই পাৱাৰ এক্টিভ আৰু পেচিভ কম্পোনেন্ট লেবৰেটৰী অব সমীৰো (SAMEER) উৎসৰ্গা কৰে।

কামাখ্যা মন্দিৰ দৰ্শনৰাষ্ট্ৰপতিয়ে অসমৰ ডিব্ৰুগড় আৰু মধ্য প্ৰদেশৰ জবলপুৰত নেচনেল ইনষ্টিটিউট অব ভাইৰোলজীৰ মাণ্ডলিক ইনষ্টিটিউটো ভাৰ্চুৱেলী উদ্বোধন কৰে।উল্লেখ্য, ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি অসমলৈ আহিছে দ্ৰৌপদী মুৰ্মু। দুদিনীয়া ভ্ৰমণসূচীৰে বিশেষ বিমানেৰে দিনৰ প্ৰায় 1 বজাত গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু।

আগৰতলাৰ পৰা পোনে পোনে তেওঁ বিশেষ বিমানেৰে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায়। বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অব অনাৰ দিয়া হয়।

ৰাষ্ট্ৰপতিয়ে বিমানবন্দৰৰ পৰা পোনে পোনে বিশেষ হেলিকাপ্টাৰেৰে আই আই টি গুৱাহাটীলৈ যায়। তাত তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। তাৰ পিছত আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা ‘পৰম কামৰূপা’ উদ্বোধন কৰে। লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰে।

সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। আজি তেওঁ কামাখ্যা মন্দিৰ দৰ্শনৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

তাৰ পিছত ৰাষ্ট্ৰপতিয়ে তিনি হাজাৰ মডেল অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে মিছন সৌভাগ্য শুভ উদ্বোধন কৰিব। আনহাতে, ৰাষ্ট্ৰপতিয়ে চাহ বাগিচা এলেকাত স্থাপন কৰিবলগীয়া এশখন মডেল মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ বদৰপুৰ পথো মুকলি কৰিব।

ইয়াৰ উপৰি ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰ’ল মজুত কৰা ভাণ্ডাৰ মুকলি, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেদিনী পথাৰলৈকে চলিবলগীয়া এখন ৰে’লৰ শুভাৰম্ভণি কৰিব।

আনহাতে, ৰাষ্ট্ৰপতিয়ে গুৱাহাটীৰ আগিয়াঠুৰিত স্থাপন কৰিব লগীয়া ৰে’লৰ এটা কাৰ্গো তথা ক’চিং টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছতেই শুকুৰবাৰে দুপৰীয়া বিশেষ বিমানযোগে দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতি।

Tags: ৰাষ্ট্ৰপতি
Share4Tweet3Send

Related Posts

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx