![]()
ডিব্ৰুগড় চহৰৰ দাঁতিকাষৰীয়া মাইজানত সৃষ্টি হোৱা ভয়াৱহ গৰাখহনীয়াৰ আজি বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই পৰিদৰ্শন মুখ্যমন্ত্ৰী গৰাকীয়ে ভগ্ন মথাউৰিৰ গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে।
ইয়াৰ উপৰিও তেওঁ সংশ্লিষ্ট সকলোকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ পাৰৰ মথাউৰিসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে। এই সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বড়া উপস্থিত থাকে।
উল্লেখ্য যে, মাইজানৰ ভয়াৱহ গৰাখহনীয়াত বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী খহনীয়াত জাহ গৈছে৷ ৪৭ৰো অধিক পৰিয়ালে মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছে। মাইজানত ব্ৰহ্মপুত্ৰৰ প্ৰায় ৭৫০ মিটাৰ মথাউৰি ছিগাৰ ফলত ডিব্ৰুগড় চহৰখনলৈয়ে বিপদ কঢ়িয়াই আনিছে। এনে পৰিস্থিতিত বহু লোকেই ডিব্ৰুগড়ক ৰক্ষা কৰাৰ স্বাৰ্থত মথাউৰি নিৰ্মাণ তথা মেৰামতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈও দাবী উত্থাপন কৰিছে।













