![]()
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠবাৰৰ বাবে কেদাৰনাথত ভৰি দিয়ে।মন্দিৰত পূজা-অৰ্চনা কৰি বদ্ৰীনাথ ভ্ৰমণ কৰে। কিন্তু দিনটোৰ ভ্ৰমণৰ মূল উদ্দেশ্য আছিল গৌৰীকুণ্ড-কেদাৰনাথ ৰোপৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা।
আজিৰ দিনটোত মোদীক দেখা যায় পাহাৰীয়া মানুহৰ বগা হিমাচলী সাজত। দুদিনীয়া ভ্ৰমণকালত মোদীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ পৰিকল্পনা কৰিছে। বৃহস্পতিবাৰে ডেৰাডুনৰ জলি গ্ৰাণ্ট বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায় লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি আৰু কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটে।
জানিব পৰা মতে, ৰোপৱে প্ৰকল্প আৰম্ভ কৰিলে গৌৰীকুণ্ডৰ পৰা ৩০ মিনিটত কেদাৰনাথলৈ যাব পাৰিব। তদুপৰি, কেদাৰনাথ আৰু বদ্ৰীনাথৰ মাজত এটা পথ নিৰ্মাণৰ পৰিকল্পনাও আছে। জনা যায় যে এই প্ৰকল্পৰ ব্যয় প্ৰায় ৩৫০০ কোটি হʼব পাৰে।
উল্লেখ্য, এয়া মোদীৰ কেদাৰনাথলৈ ষষ্ঠ ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী হিচাপে বদ্ৰীনাথলৈ দ্বিতীয় ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত দুটা বিখ্যাত পাহাৰীয়া মন্দিৰৰ আশেপাশে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। দুয়োটা মন্দিৰ ফুলেৰে সজাই তোলা হৈছে।










