![]()
প্ৰেমত প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ লোকক ৰড আৰু ছুৰীৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ ওপৰত। অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
সংবাদ সংস্থাৰ খবৰ মতে, যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ ১১ জন লোকক ৰডেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ দুজন লোকৰ শাৰীৰিক অৱস্থা সংকটজনক। গুণ্টুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁলোকক। বাকী ৯ জন আহতক নৰসৰাওপেট চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, গুণ্টুৰ জিলাৰ ফিৰঙিপুৰমত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে পোহৰলৈ আহে এই ঘটনা। অভিযুক্ত যুৱকজনৰ নাম পেৰাম এডুকণ্ডালু। অভিযোগ অনুসৰি, তেওঁ গাঁৱৰ এগৰাকী ছোৱালীৰ লগত প্ৰেমত পৰিছিল।
কিন্তু ছোৱালীজনীয়ে আন এজনৰ লগত বিয়া ঠিক কৰে। অভিযোগ অনুসৰি, প্ৰেমত প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালক আক্ৰমণ কৰে যুৱকজনে।অৱশ্যে এই পৰ্যন্ত অভিযুক্ত যুৱকজনৰ গ্ৰেপ্তাৰৰ তথ্য লাভ কৰা নাই। তেওঁৰ সন্ধান আৰম্ভ কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।










