![]()
ঘৰৰ ফ্ৰীজটো বেয়া হৈছিল। কিন্তু টেকনিচিয়ানজনক ফোন কৰাৰ প্ৰয়োজন নাছিল। ফ্ৰীজটো নিজেই মেৰামতি কৰিলে গৃহ পৰিচাৰিকাই। ঘৰত থকা বজাৰৰ বস্তুৰ তালিকা বহী বা কাগজত নহয়, হাতত থকা টেবলেটোত তেওঁ খৰধৰকৈ লিখে।
তাকো ইংৰাজীত! এগৰাকী গৃহ পৰিচাৰিকাৰ এনে কৃতিত্ব দেখি ঘৰৰ মালিক আপ্লুত হয়।শেহতীয়াকৈ বেঙ্গালুৰুৰ এজন ব্যক্তিয়ে অনলাইন প্লেটফৰ্ম ‘ৰেডিটʼত এই কথা আলোকপাত কৰিছে। লগত তেওঁৰ স্মাৰ্ট আৰু টেক-চেভি পৰিচাৰিকাৰ বিষয়ে গৌৰৱ কৰিছে। তেওঁ টেবলেটত গেলামালৰ অৰ্ডাৰ ইংৰাজীত লিখে। কেৱল সেয়াই নহয়, প্ৰতিটো বানানো একেবাৰে সঠিক। তেওঁৰ এই গুণটোৱে মানুহজনক আমোদ দিছে।
এই উদাহৰণটো লৈ তেওঁ লিখে যে পৰিচাৰিকাক সকলোৱে তুচ্ছজ্ঞান কৰে বা অশিক্ষিত বুলি ভাবে। কিন্তু সময় সলনি হৈছে। ব্যক্তিজনে মেছেজ দিয়ে যে পৰিচাৰিকাগৰাকীও শিক্ষিত আৰু স্মাৰ্ট। তেওঁ পৰিচাৰিকাগৰাকীৰ বিষয়ে আৰু বহুতো কথা আলোকপাত কৰে। লোকজনে লগতে উল্লেখ কৰে যে যদি তেওঁ কামত দেৰি কৰে তেন্তে পৰিচাৰিকাই তেওঁক হোৱাটছএপত মেছেজ কৰি খবৰ দিয়ে।
আনকি ব্যক্তিজনে এইটোও কয় যে তেওঁ ধনৰ লেনদেন গুগল পে’ত কৰে।ছচিয়েল মিডিয়াত এনে এগৰাকী প্ৰতিভাৱান পৰিচাৰিকাৰ কৃতিত্ব দেখি বহুতে আনন্দিত হৈছে। কিছুমানে তেওঁৰ ইংৰাজীক প্ৰশংসা কৰিছে। আন কোনোবাই পৰিচাৰিকৰ হাতৰ আখৰক প্ৰশংসা কৰে।











