ASSAM TIMES POST
নগাঁও : যি সময়ত গুৰু নানক আৰু মহাপুৰুষ শংকৰদেৱে জন্মগ্ৰহন কৰিছিল সেই সময়ত সমাজ জীৱনত ধৰ্মীয় বিদ্বেষ জনিত পৰিবেশে বিৰাজ কৰিছিল।সমাজত হত্যা-হিংসা,উচ্চ-নীচ , ভেদ ভাব আদিয়ে সমাজ ব্যৱস্থা চাটি ধৰিছিল।দুয়োগৰাকী মহান মনিষীয়ে সমাজৰ পৰা কু-সংস্কাৰ, অস্পৃশ্যতা আদি দূৰ কৰাৰ বাবে প্ৰয়াস কৰিছিল।’-এই মন্তব্য অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ।আজিৰে পৰা ১২ নবেম্বৰলৈ নগাঁও গুৰুদ্বাৰ আৰু আৰক্ষী নিৱেশৰ সভাগৃহত আয়োজিত শিখ ধৰ্মগুৰু গুৰুনানকৰ ৫৫০ জন্ম জয়ন্তী অনুষ্ঠানৰ আৰম্ভনিৰ দিনা অংশগ্ৰহণ কৰি ৰাজ্যপাল গৰাকীয়ে ভাষন প্ৰসংগত এই কথাৰ লগতে আৰু কয় যে-গুৰুনানকৰ ধৰ্ম বাণী নেশ্যনেল বুক ট্ৰাষ্টে বিভিন্ন ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে।

গুৰু নানকৰ হিন্দু আৰু মুছলমান দুয়ো ধৰ্মৰে শিষ্য আছিল আৰু সকলো ধৰ্মৰ লোকৰ মাজত সম্প্ৰীতি তৈয়াৰ কৰাৰ বাবে সকলো ধৰ্মীয় স্থান তেওঁ ভ্ৰমন কৰিছিল। পাকিস্তানৰ কাৰ্টাৰপুৰত থকা বিখ্যাত গুৰুদ্বাৰটো ভাৰতবৰ্ষৰ ভক্ত সকলৰ দৰ্শনৰ সুবিধাৰ বাবে সেই দেশৰ চৰকাৰে কৰিডৰ মুকলি কৰাৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যপাল গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰি এতিয়া ভাৰতৰ লোকসকলৰ বাবে গুৰুদ্বাৰটি দৰ্শন সহজ হ’ব।ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে কয় যে-গুৰুনানকে আমাৰ মাজত শান্তি,প্ৰেম আৰু ভাতৃত্ববোধৰ বাণী বিলাই থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুনানকে আমাৰ সকলোৰে মাজত মিলাপ্ৰীতিৰ এনাজৰী ডাল সু-দৃঢ় কৰি থৈ গৈছে।ইপিনে ৰাজ্যপাল গৰাকীয়ে নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থিত গুৰুদ্বাৰৰ নৱ নিৰ্মিত লংগৰখানা ভৱন উদ্বোধন কৰি এক সভাত কয় যে-গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তীৰ শুভক্ষণত এনেদৰে গুৰুদ্বাৰত বহি তেখেতৰ চৰ্চা কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা।কেন্দ্ৰীয় চৰকাৰে গুৰুনানক জয়ন্তী পালনৰ বাবে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে
।তেওঁ ভাষন প্ৰসংগত গুৰুনানকক অৱতাৰী পুৰুষ আখ্যা দি কয় যে-তেওঁ সৰুৰে পৰা আধ্যাত্মিক চিন্তা চৰ্চাত নিজকে ব্যস্ত ৰাখিছিল আৰু তেওঁৰ গাত অলৌকিক গুণ প্ৰকাশ পাইছিল।উল্লেখ্য , গুৰু নানকৰ ৫৫০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ দুটা স্থানত আয়োজন কৰা বিশেষ প্ৰদৰ্শনীৰ পঞ্জাৱৰ চুলতানপুৰ লোধি আৰু নগাঁও চহৰত অনুষ্ঠিত হৈছে। নগাঁও চহৰৰ আৰক্ষী নিবেশৰ সভাগৃহত অনুষ্ঠিত এই প্ৰদৰ্শনীৰ দ্বাৰ আজি বিয়লি ২ বজাত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে উন্মোচন কৰে। অনুষ্ঠানত ৰাজ্যপাল গৰাকীৰ পত্নী প্ৰেম মুখীয়েও অংশ গ্ৰহণ কৰে। মাল্টি মিডিয়াৰ ওপৰত অনুষ্ঠিত প্ৰদৰ্শনীত গুৰু নানকৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰা হৈছে।
উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। এই অনুষ্ঠানত পাঞ্জাৱী ভাংৰা নৃত্যকে ধৰি গীত মাতৰ অনুষ্ঠান প্ৰদৰ্শিত হয়। ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্বন ব্যু’ৰ উদ্যোগত , নগাঁও জিলা প্ৰশাসন আৰু গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ সহযোগত এই উৎসৱ অনুষ্ঠিত হৈছে।আজিৰ অনুষ্ঠানত ৰাজ্যপাল গৰাকীৰ পত্নী প্ৰেম মুখী, প্ৰেছ ইনফৰমেশ্বন ব্যু’ৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক প্ৰধান এল আৰ বিশ্বনাথ,নগাঁও গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ সভাপতি দেবেন্দ্ৰৰ সিং চেহমীয়েও ভাষন প্ৰদান কৰে।অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, প্ৰেছ ইনফৰমেশ্বন ব্যু’ৰ যুটীয়া সঞ্চালক কৃতী তিৱাৰী,নগাঁও গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ সম্পাদক চহেন্দৰ সিং গান্ধী উপস্থিত থাকে।













