![]()
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিবলৈ গৈ আছে ভাৰতীয় মূলৰ ঋষি চুনক। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা প্ৰথমজন ভাৰতীয় হিচাপে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হʼবলৈ গৈ আছে ঋষি। এনে অৱস্থাত ভাৰতীয়সকলে পুনৰবাৰ নেট জগতত নিজৰ পুৰণি দাবীসমূহ উত্থাপিত কৰে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে বহিবলৈ ঋষি চুনকৰ সিদ্ধান্ত চূড়ান্ত হোৱাৰ লগে লগে ভাৰতীয়সকলে নেট জগতত দাবী অব্যাহত ৰাখিলে যে ব্ৰিটেইনে কোহিনুৰ হীৰা ভাৰতক ঘূৰাই দিব লাগে।
সোমবাৰে যেতিয়া সমগ্ৰ দেশে দীপাৱলী উদযাপন কৰিছিল তেতিয়া ব্ৰিটেইনত এক ইতিহাস ৰচনা হৈছিল।
হাউছ অৱ কমনছৰ আধাতকৈ অধিক কনজাৰ্ভেটিভ পাৰ্টিৰ সাংসদে সোমবাৰে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ঋষি চুনকক ভোট দিয়ে। শেষ মুহূৰ্তত ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ দৌৰৰ পৰা আঁতৰি যায়। ইয়াৰ ফলত ঋষিৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হয়। ইয়াৰ পিছত যেতিয়া চূড়ান্ত ভোটদানত ঋষিৰ নামত প্ৰধানমন্ত্ৰী হিচাপে ছীল-মোহৰ লগোৱা হয়, তেতিয়া ছচিয়েল মিডিয়াত কোহিনুৰ প্ৰত্যাৱৰ্তনৰ দাবী উত্থাপন হয়।
এজন নেট ইউজাৰে লিখিছে, “ঋষি ইংলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। এতিয়া আমাক কোহিনুৰটো ঘূৰাই দিয়ক।” আন এজনে মোদী আৰু ঋষিৰ একেলগে ফটো পোষ্ট কৰি লিখিছে, “কোহিনুৰক কেনেকৈ ভাৰতলৈ ঘূৰাই আনিব পাৰি সেই বিষয়ে আলোচনা চলি আছে।” এখোজ আগুৱাই আন এজন ব্যৱহাৰকাৰীয়ে আকৌ ধেমেলীয়া সুৰত ক’লে, “মই আশা কৰিছো ইংলেণ্ডৰ বিত্তীয় ব্যৱস্থাটো নিষ্পত্তি কৰি ঋষিয়ে বিজয় মালিয়া, নিৰৱ মোদী আৰু কোহিনুৰক ভাৰতলৈ পঠাব।”
প্ৰসঙ্গত ১৮৪৯চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ পৰা কোহিনুৰ হীৰা ইংলেণ্ডলৈ লৈ গৈছিল। ইমান দিনে তাত ৰাণীৰ মুকুটত এই হীৰা ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছতে ভৱিষ্যতে ৰাণীৰ মুকুটত কোহিনুৰ ব্যৱহাৰ কৰাত বিজেপিয়ে বাৰে বাৰে আপত্তি কৰি আহিছে। এনে অৱস্থাত সকলোৱে ভবিষ্যতে কহিনুৰৰ ভৱিষ্যত কি হ’ব তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে।











