![]()
বুধবাৰে পুৱতি নিশা মধ্যপ্ৰদেশৰ খাৰগোনাত পেট্ৰ’ল আৰু ডিজেল ভৰ্তি এখন টেংকাৰ বিস্ফোৰণ হোৱাৰ ফলত এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হোৱাৰ বিপৰীতে ২০ জন লোক গুৰুত্বৰভাৱে আহত হয়।খাৰগোনৰ বিস্তান আৰক্ষী থানাৰ অন্তৰ্গত মোৰ্গাগাঁও- গড়ী পথৰ আনজাংগন গাঁৱত উক্ত টেংকাৰখন বাগৰি পৰে আৰু প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হয়।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ এম্বুলেন্সৰ সহায়ত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।বিস্ফোৰণত আহত ২০ গৰাকীৰ মাজত ৭ টা শিশু আৰু ১৩ গৰাকী পুৰুষ-মহিলা আছিল।










