![]()
আজি পোৱাৰ ভাগত বোকাজান মহকুমাৰ ডিলাইত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন । আজি পোৱাৰ ভাগত এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই অচিৰ নেতৃত্বত থানা ষ্টাফ সহ ডিলাই তিনি আলিত এক নকা তালাচি চলায়।
উক্ত তালচি কালত মণিপুৰ দিশৰ পৰা আহি থকা অৱস্থাত UP 14BV 4234 পঞ্জিয়ন নম্বৰৰৰ বাহন এখনত তালাছি চলাই বাহন খনৰ পিছফালে লুকুৱাই ৰখা অৱস্থাত প্ৰায় চাৰি কেজি সন্দেহযুক্ত মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা মৰফিন খিনিৰ বজাৰ মূল্য প্ৰায় 15 কোটি টকা হব বুলি জানিব পৰা গৈছে।
উদ্ধাৰ কৰ মৰফিন খিনিৰ সৈতে আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, মণিপুৰৰ হেমখ’লাল লুকিন (৩৭) আৰু জংমিনলাল হওকিপ (৩৮) বুলি চিনাক্ত কৰা হৈছে। বোকাজানৰ মহকুমাধিপতি জন দাসৰ উপস্থিতিত সন্দেহযুক্ত মৰফিণ খিনি জব্দ কৰা হয়।













