![]()
বোকাজানত আটক চাৰি গভাইত চোৰ। খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ বিশেষ খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তত চলা এক অভিযানত ৫ টাকৈ চোৰ গ্ৰেপ্তাৰ আৰু এখন জে.চি.বি গাড়ী জব্দ কৰা হয়। সাগৰ কমপ্লেক্সৰ সমীপৰ পাৰ্কিঙত এই AS-15AC-2942 নম্বৰৰ জে.চি.বি গাড়ীখন উদ্ধাৰ কৰে আৰক্ষীয়ে।
ধৃত চুৰ কেইটা হৈছে ক্ৰমে বৰপেটা জিলাৰ ইনজামামূল খান, ৰফিকুল ইছলাম, আছান উদ্দীন, আৰু চাহজাহান আলী, হাছেন আলী। ঘটনা বিৱৰণী মতে, NL-01K-8157 নম্বৰৰ ট্ৰেইলাৰখনত কঢ়িয়াই অনা বৰপেটাৰ পৰা চুৰি কৰি অনা JCB গাড়ীসহ আৰক্ষীয়ে পাঁচজনক আটক কৰি আজি পুৱা বৰপেটা আৰক্ষীক চমজাই দিয়ে বুলি জানিব পৰা গৈছে।













