![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐক্য দিৱসৰ ভাষণত গুজৰাটত সংঘটিত দলং দুৰ্যোগক লৈ শোক প্ৰকাশ কৰে। গুজৰাট ভ্ৰমণৰ সময়ত মৰ্বি নৈৰ ওপৰত ওলোমা দলং খহি পৰে। এই ঘটনাত শ শ লোকৰ মৃত্যু হয়। আহত লোকৰ সংখ্যাও অধিক। দেওবাৰে নিশা সংঘটিত দুৰ্যোগৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ পৰা ঐক্য দিৱসক সম্বোধন কৰে।
তাত তেওঁ কয়, “গোটেই দেশে গুজৰাটৰ বাবে প্ৰাৰ্থনা কৰি আছে।”
প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ উদ্ধাৰ কামত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ত্ৰুটি নাৰাখে। ৰাইজক সম্বোধন কৰি তেওঁ কয়, “মই ইয়াত আপোনালোকৰ সৈতে কথা পাতিছো, কিন্তু দলং দুৰ্ঘটনাত ভুক্তভোগীসকলৰ লগত মোৰ হৃদয় আছে। জীৱনত এনে দুখ খুব কমেইহে অনুভৱ কৰিছোঁ। এফালে মোৰ মন গধুৰ, আনফালে কৰ্তব্য পালন কৰি আছো।”
সোমবাৰে গুজৰাটৰ কেৱাদিয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয়, “ৰাষ্ট্ৰীয় ঐক্য দিৱস আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম বাৰ্ষিকী কেৱল তাৰিখ নহয়। এই দিনটোৱে আমাৰ সংস্কৃতিৰ প্ৰতিফলন ঘটায়।
দেশত যেতিয়াই দুৰ্যোগ আহে তেতিয়াই দেশৰ জনসাধাৰণ একত্ৰিত হয়।” তেওঁৰ ভাষাত, “মৰ্বিত সংঘটিত হোৱা দুৰ্ঘটনাৰ খবৰ পাই সমগ্ৰ দেশৰ মানুহে প্ৰাৰ্থনা কৰিছে। স্থানীয় ৰাইজে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে।”
উল্লেখ্য, দেওবাৰে নিশা মৰ্বিত হঠাৎ ভাঙি পৰে মাচু নৈৰ ওপৰত থকা ওলোমা দলংখন। সোমবাৰে এই প্ৰতিবেদন লিখা পৰ্যন্ত ১৪১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে গোটেই নিশা মাচু নদীত চলে উদ্ধাৰ অভিযান।
স্থানীয় বাসিন্দা আৰু উদ্ধাৰকাৰীকে ধৰি কমেও ২০০ জন লোকে উদ্ধাৰ অভিযানত যোগদান কৰে। এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে গুজৰাট চৰকাৰে। মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ উপৰি আহতসকলক চৰকাৰে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।











