![]()
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য লাভ কৰা কাৰ্বি আংলং জিলাৰ ১৫ গৰাকী প্ৰাৰ্থীক আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যালয়ত আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পহʼ ফুলৰ থোপাৰে প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে এককালীন সাহায্যৰ চেক প্ৰদান কৰে।
সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী গৰাকীয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত জিলাখনৰ শিক্ষাৰ্থীসকলে লাভ কৰা এনে সফলতাত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। ইউ পি এছ চিৰ পৰীক্ষাৰ বাবেও পৰিষদৰ তৰফৰ পৰা বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি সমাগত ইউ পি এছ চিৰ পৰীক্ষাতো জিলাখনৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হʼব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক দৰছিং ৰংহাং, পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে।












