ASSAM TIMES POST
বিভাস দুৱৰা
ডিব্ৰুগড় : অযোধ্যাৰ বিবদমান ভূমিৰ ১৩৪ বছৰৰ পিছত ঐতিহাসিক ৰায়দান কৰাৰ পিছদিনাই অথাৎ আজি ডিব্ৰুগড়ৰ নিজ গৃহত দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ উপস্থিত হয়।পুৱাই নতুন দিল্লীৰ পৰা ভিষ্টাৰা বিমানেৰে আহি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত পুৱা ১১ -৩০ বজাত উপস্থিত হোৱাৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড় চহৰৰ খলিহামাৰিস্থিত নিজ বাসগৃহত পত্নী আৰু মাতৃ সহ দিনৰ প্ৰায় ১১-৫৮ বজাত উপস্থিত হয় মুখ্য ন্যায়াধীশ গৰাকী।এই উপলক্ষে ডিব্ৰুগড়ৰ খলিহামাৰিস্থিত ন্যায়ধীশ গৰাকীৰ গৃহত কালিৰে পৰা ব্যাপক নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হৈছিল।
মাতৃ তথা সমাজসেৱীকা শান্তি গগৈক ডিব্ৰুগড়ৰ গৃহত থৈ পুনৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ গুৱাহাটী অভিমুখে ৰাওনা হয়।দিনৰ প্ৰায় ১২ বজাৰ পৰা ১-৩০ বজালৈকে নিজ গৃহত থাকি ইণ্ডিগ বিমানেৰে উৰা মাৰে তেওঁ।দেশৰ বাবে,জাতিৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান ৰঞ্জন গগৈ নিজ বাস গৃহলৈ অহাৰ সময়ত নিজ গৃহত নিৰাপত্তা বেষ্টনিৰ বাবে তথা প্ৰটকলৰ বাবে শুভাকাংশী সকল যাব নোৱাৰিলেও পথৰ দুয়োকাষে ব্যাপক ভীৰ কৰা পৰিলক্ষিত হয়।
আনহাতেদি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ন্যায়ধীশগৰাকী সৌহাদ্যমূলক সাক্ষাৎ কৰাৰ লগতে এখন ফুলাম গামোছাৰে ডিব্ৰুগড়বাসী আৰু দলৰ হৈ সম্বৰ্ধণা জ্ঞাপন কৰাৰ সময়ত কিছু আৱেগিক হৈ পৰা বুলি জানিবলৈ দিয়ে।বিধায়ক ফুকনে কয় যে অতি বিনয়ীভাবে ন্যায়ধীশ গৰাকীয়ে সম্ভাষণ জনোৱাৰ লগতে কিছু সময় ভাব বিনিময় কৰে।আজি এনে এক ঐতিহাসিক ৰায় প্ৰদান কৰি ন্যায়ধীশ ৰঞ্জন গগৈয়ে সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়ৰ গৰিমা আৰু বহু গুণ ওপৰলৈ নিলে।আজি গুজৰাতৰ পৰা অৰুনাছল,কণ্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে সকলোৱে ৰঞ্জন গগৈৰ নাম গৌৰবৰে উচ্চাৰণ কৰিছে।এয়া নিশ্ছয়কৈ আমাৰ সকলোৰে বাবে গৌৰবৰ কথা।ডিব্ৰুগড়ৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ নাম লোৱাৰ লগে লগে তেঁওৰ গৰিমা বঢ়াৰ লগে লগে আমাৰ ডিব্ৰুগড়ৰো যশস্যা বাঢ়িছে।সংস্কৃতি আৰু সভ্যতাৰ নগৰী ডিব্ৰুগড়ৰ পৰাই ৰঞ্জন গগৈয়ে যি যাত্ৰা আৰম্ভ কৰিলে,সেয়া ইতিসাহৰ পাতত সোণোৱালী আখৰৰে সদায়ে লিখা ৰব। সমগ্ৰ বিশ্বৰ বুকুত ডিব্ৰুগড় পুনৰবাৰ জিলিকি উঠিল।সেয়ে দেশৰ গৌৰব মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ প্ৰতি শ্ৰদ্ধা জনাই সকলো ডিব্ৰুগড়বাসী ৰাইজে কাইলৈ একোগছি বন্তী প্ৰজ্বলন কৰিবলৈ বিধায়ক ফুকনে বিনম্ৰভাবে আহবান জনায়।