![]()
বিশ্বৰ সবাতোকৈ ধনী মন্দিৰ হিচাপে পৰিগণিত তিৰুপতি মন্দিৰৰ সম্পত্তি অন্ধ্ৰপ্ৰদেশ চৰকাৰত বিনিয়োগ কৰা বুলি চলি থকা চৰ্চাৰ মাজতে স্পষ্টিকৰণ প্ৰকাশ কৰিলে তিৰুমালা তিৰুপতি দেৱস্থানমছে। স্পষ্টিকৰণৰ লগতে ট্ৰাষ্টে এক শ্বেটপত্ৰৰ জৰিয়তে মন্দিৰৰ মুঠ সম্পত্তিৰ বিষয়েও প্ৰকাশ কৰিছে।
শনিবাৰে এক শ্বেতপত্ৰ মুকলি কৰে টিটিডিয়ে। ইয়াত কোৱা হয় যে, এই মন্দিৰ মুঠ সম্পত্তিৰ পৰিমাণ ২.২৬ লাখ কোটি টকা। মন্দিৰৰ নামত প্ৰায় ৫ হাজাৰ ৩০০ কোটি টকাৰ ১০.৩ টন সোণ আছে আৰু আৰু ৰাষ্ট্ৰীয়কৃত বেংকত জমা আছে ১৫ হাজাৰ ৯৩৮ কোটি টকা।
টি টি ডিৰ কাৰ্যবাহী বিষয়া অৱ ধৰ্ম ৰেড্ডীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, ট্ৰাষ্ট ব’ৰ্ডে ২০১৯ চনৰ পৰা বিনিয়োগ নিৰ্দেশনা শক্তিশালী কৰিছে। ২০১৯ ত বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংকত নগত ১৩ হাজাৰ ২৫ কোটি টকা জমা আছিল। সেই পৰিমাণ ২০২২ ত ১৫ হাজাৰ ৯৩৮ কোটিলৈ বৃদ্ধি পাইছে।
ইফালে তিৰুমালা তিৰুপতি দেৱস্থানমছে তেওঁলোকৰ সম্পত্তি অন্ধ্ৰ প্ৰদেশৰ চৰকাৰৰ নিৰাপত্তৰ ওপৰত পুঁজি বিনিয়োগ কৰাৰ বুলি যি খবৰ প্ৰকাশ পাইছিল সেই খবৰ অস্বীকাৰ কৰিছে।
এক প্ৰেছ বিজ্ঞপ্তিত ট্ৰাষ্টে শ্ৰীবৰীৰ ভক্তসকলক এনে মিছা প্ৰচাৰত বিশ্বাস নকৰিবলৈ অনুৰোধ জনায়। বেংকত জমা কৰা নগদ ধন আৰু সোণৰ বিনিয়োগ অতি স্বচ্ছ আৰু নিকা প্ৰকাৰে কৰা বুলি প্ৰকাশ কৰা হৈছে।
উল্লেখ্যে যে, সৌন্দৰ্য আৰু স্বমহিমাৰ বাবে বিখ্যাত দক্ষিণ ভাৰতৰ তিৰুপতি বালাজী মন্দিৰত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ আগমণ ঘটে আৰু তেওঁলোকৰ পৰা প্ৰতিদিনে কোটিৰ ঘৰত দান মন্দিৰলৈ আহে। এই মন্দিৰত ভক্তই দান কৰা চুলিও আকৌ বিভিন্ন কোম্পানীয়ে ক্ৰয় কৰে। সেই ফালৰ পৰাও বহু কোটি ধন উপাৰ্জন কৰে মন্দিৰৰ ট্ৰাষ্টে।
জনপ্ৰবাৰ অনুসৰি , এই মন্দিৰলৈ আহি ভক্তই পাপ আৰু মনৰ কপটতা দূৰ কৰে। ইয়াত দেৱী লক্ষ্মীয়ে ভক্তৰ সকলো দুখ দূৰ কৰে। সেয়েহে ভক্তই তেওঁলোকৰ নিজৰ চুলি দান কৰে।











