![]()
কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত ডিফুৰ পাঁচ মাইলত থকা ক্ৰিকেট ষ্টেডিয়ামত আজি কাৰ্বি আংলং জিলা প্ৰেছ ক্লাব আৰু গুৱাহাটী মিডিয়া ছুপাৰ কিংছৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়। টি 20ক্ৰিকেট খেল খনত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাব চাৰি ৰাণত বিজয়ী হয়।
টছত জিকি প্ৰথমে বেত ধৰা কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবে নিৰ্ধাৰিত অভাৰত 112 ৰাণ সংগ্ৰহ কৰে । নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি গুৱাহাটী মেডিয়া ছুপাৰ কিংছে আটাইকেইটা উইকেট হেৰুৱাই 109 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত জিলা প্ৰেছ ক্লাবৰ হৈ 35 ৰাণ কৰাৰ লগতে তিনিটা উইকেট দখল কৰা মৃদুল ৰংপিক মেন অৱ দা মেচ ঘোষণা কৰা হয়। আজিৰ খেল খনত গণ অধিকাৰ গোষ্ঠীৰ পৰিচালনা সঞ্চালক ছাহজাহান তালুকদাৰ, কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি স্বৰূপ লস্কৰ, জ্যেষ্ঠ সাংবাদিক দেৱজ্যতি বৰা, আছাবুৰ ৰহমান উপস্থিত থাকে ।













