![]()
টি-২০ বিশ্বকাপত পাকিস্তান আৰু ইংলেণ্ডৰ চূড়ান্ত খেলখনক লৈ পঞ্জাবৰ কলেজত অশান্তি। হোষ্টেল আৱাসীৰ দুটা দলৰ মাজত শিলগুটি মৰাৰ ফলত মোগাৰ লাল লাজপট ৰয় কলেজ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পঞ্জাবৰ উক্ত মহাবিদ্যালয়খনত কাশ্মীৰী আৰু বিহাৰী ছাত্ৰৰ মাজত অশান্তিৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো আহত হয়।
পাকিস্তান বনাম ইংলেণ্ডৰ খেলখন চাই একাংশ ছাত্ৰই ইছলামবিৰোধী শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰে কাশ্মীৰী ছাত্ৰই। তেওঁলোকে তাৰ প্ৰতিবাদ কৰাত তেওঁলোকক আক্ৰমণ কৰা হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, টিভিত খেল চাই থকাৰ সময়তে কলেজীয়া ছাত্ৰৰ দুটা দলৰ মাজত সংঘৰ্ষ হয়।
ইজনে সিজনৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। কিন্তু আৰক্ষীয়ে শ্লোগান উত্থাপন কৰাটো অস্বীকাৰ কৰে। সংবাদ মাধ্যমৰ আগত এ এছ আই যশৱন্ত সিঙে কয়, মই সেই স্থানলৈ অহাৰ সময়ত কোনো ধৰণৰ শ্লোগান শুনা নাছিলো।
এই অশান্তিৰ ফলত আহত বিহাৰৰ অভিষেক ৰাজ নামৰ এজন ছাত্ৰ। দুয়োটা দলৰ মাজত অশান্তি আৰম্ভ হোৱা বুলি দাবী কৰে। হোষ্টেলৰ ৱাৰ্ডেনে তেওঁলোকক ৰখাবলৈ যোৱাত সংঘাত বাঢ়ি যায়। ছাত্ৰজনৰ ভাষাত, “ইংলেণ্ড-পাকিস্তানৰ খেলখন সকলোৱে চাই আছিল।
ইংলেণ্ডে ১০ অ’ভাৰ বেটিং কৰাৰ পিছত তেওঁলোকে (আন দলটোৱে) বেয়া কথা কʼবলৈ আৰম্ভ কয়ে। এজন জ্যেষ্ঠ দাদাই তেওঁলোকক উঠি যাবলৈ কয়। কিন্তু তেওঁলোকে ‘পাকিস্তান মুর্দাবাদ’ আদি শ্লোগান দিয়ে। ৱাৰ্ডেনে তেওঁলোকৰ লগত কথা পাতিবলৈ যায়।
কিন্তু তেওঁলোকে বেয়া আচৰণ কৰে। তাৰ পিছত সমস্যা আৰম্ভ হয়।” ছাত্ৰজনে লগতে কয়, “আমি তেওঁলোকক বচাব বিচাৰিছিলো, তেওঁলোকক পৰাস্ত কৰিব বিচৰা নাছিলো।”
আনহাতে, আনম নামৰ এজন কাশ্মীৰী ছাত্ৰই দাবী কৰে যে তেওঁলোকে কেইজনমানে হোষ্টেলৰ কোঠাত পঢ়া-শুনা কৰি আছিল।
কাষৰ কোঠাটোৰ পৰা চিঞৰ-বাখৰ শুনি তেওঁলোক উঠি যায়। কিন্তু তেওঁলোকৰ ওপৰত শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে। তাৰ ফলত তেওঁৰ মূৰ ফাটি যোৱাৰ অভিযোগ। মমিন নামৰ আন এজন ছাত্ৰই অভিযোগ কৰি কয়, “বিহাৰৰ দুই-এজন ছাত্ৰই হঠাতে ইছলামবিৰোধী শ্লোগান উত্থাপন কৰে। আমি বাধা দিলো।
তাৰ পৰাই আৰম্ভ হয় অশান্তি।”আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ৬০ জন ছাত্ৰ-ছাত্ৰীয়ে টিভিত খেলখন চাই আছিল। তাৰ পৰাই আৰম্ভ হয় অস্থিৰতা। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে দুয়োপক্ষৰ অভিযোগৰ তদন্ত অব্যাহত আছে।











