![]()
দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ তাৰালাংচৰ Taralangso সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত কাৰ্বি আংলং ডে’ৰ Karbi Anglong Day সফল সামৰণি সন্দৰ্ভত আজি ডিফু স্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে হিলছ পিপুলছ কালচাৰেল ফ’ৰাম চমুকৈ এইচ পি চি এফে HPCF।

এইচ পি চি এফৰ অধ্যক্ষ লাইচান ইংলেঙৰ নেতৃত্বত এইচ পি চি এফৰ নেতা কৰ্মী সকল কয় যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ চি ই এম ডাঃ তুলিৰাম ৰংহাঙৰ দুৰদৰ্শীতা আৰু সবল নেতৃত্বৰ বাবে আজিকোপতি উদযাপন নোহোৱা কাৰ্বি আংলং দিৱসটি বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলং ডে উদযাপন হ’ল।
কাৰ্বি আংলঙ দিৱসৰ উদযাপনৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক ৰহন নাসানি সকলো দল-সংগঠনৰ নেতা-কৰ্মীৰ প্ৰতি সম ভাৱাপন্ন হৈ কাৰ্বি আংলং দিৱসৰ বৰ্নিল কাৰ্যসূচীত নিমন্ত্ৰণ কৰাটো এক মহা নিদৰ্শন বুলি কয়। সেয়ে ডাঃ তুলিৰাম ৰংহাঙক এইচ পি চি এফে আন্তৰিক ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰশংসাৰে ওপচাই পেলায় । এইচ পি চি এফৰ বিভিন্ন জনগোষ্ঠীৰ নেতা সকলে।
আনহাতে, ‘কাৰ্বি আংলঙ দিৱস’ সন্দৰ্ভত সামাজিক মাধ্যমত একাংশই গঠনমূলক সমালোচনা নকৰি ডাঃ তুলিৰাম ৰংহাঙক লৈ কৰা কেতবোৰ বিৰূপ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে এইচ পি চি এফৰ নেতা সকলে। কাৰ্বি আংলঙৰ ক’লা সংস্কৃতি আৰু পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বলিউডৰ তাৰকা সকলৰ হতুৱাই কৰা প্ৰচেষ্টা প্ৰশংসনীয়।
তাৰ বাবে তুলিৰাম ৰংহাঙক বিৰূপ মন্তব্য নকৰি প্ৰশংসা হে কৰিব লাগে। ইয়াৰোপৰি কাৰ্বি আংলঙ দিৱস কাৰ্যসূচীত বিভিন্ন ব্যস্ততাৰ মাজতো মুখ্য অতিথিৰূপে উপস্থিত থকা নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেফিউ ৰিঅ’ পৰিষদৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, সাংসদ, বিধায়ক, ই এম, এম এচি আৰু সাংবাদিক সকলকো এইচ পি চি এফৰ নেতা সকলে ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়তো এনেধৰণৰ কাৰ্যসূচী দেখিবলৈ পোৱা যাব বুলি আশা কৰে।












