![]()
আন্তঃৰাজ্যিক গাড়ী চোৰৰ বিৰুদ্ধে ডিলাই আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা । আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১৯ নবেম্বৰত ডিলাই থানা এলেকাৰ পৰা এখন টাটা মবাইল বাহন চুৰি হোৱা ঘটনা সন্দৰ্ভত ডিলাইথানত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৯/২২ নম্বৰত এক গোচৰ ৰুজো হৈছিল।

উক্ত গোচৰৰ ভিত্তিত ডিলাই আৰক্ষীয়ে বিশেষভাৱে তদন্ত চলাই উক্ত গাড়ী চুৰিৰ লগত জড়িত ৬ দুধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হয়। লগতে গোছৰটোৰ তদন্তকাৰি বিষয়াই মণিপুৰৰ পৰা চুৰি গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

ধৃত চোৰ কেইটা ক্ৰমে, হোজাই জিলাৰ কৰয়নিৰ আব্দুল কালামৰ পুত্ৰ যিবোৰ ৰহমান, ডিমাপুৰ চিংগল বজাৰৰ আব্দুল মাচিদৰ পুত্ৰ ইকবাল হুছেইন,মন বাহাদুৰ বিশ্বকৰ্মাৰ পুত্ৰ তিলক বিশ্বকৰ্মা, ডবকা টাউনৰ আমিনুল্লাৰ পুত্ৰ চাহাবুদ্দিন, হোজাই জয়ন্তী বস্তিৰ ইয়াচিম আলীৰ পুত্ৰ ফাৰুক উদ্দিন হোজাই জিলাৰ লংকা উদালিৰ মিছিৰুদ্দিনৰ পুত্ৰ ৱালুদিন ৰহমান বুলি জানিব পৰা গৈছে।













