![]()
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে এক দু:খবৰ ! আজি পুৱাৰ ভাগত কাৰ্বি আংলং বাসীক শোকৰ সাগৰত পেলাই অন্তিম বিদায় ললে অবিভাজিত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চান্দ্ৰী টকবিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি আজি পোৱা ৮ মান বজাত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাত কেএছএৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে দীৰ্ঘ দিনৰ পৰা প্ৰতাপ চন্দ্ৰ টকবি টান নৰিয়াত ভুগি আছিল । মৃত্যুৰ পিছত তেওঁৰ নশ্বৰ দেহা ডিফু ৰংকিমি স্থিত বাসভৱনলৈ অনা হয় ।
তেওঁৰ মৃত্যুৰ খবৰ পাই কেএছএৰ নেতা কৰ্মী আৰু সদস্য আৰু গুণ মুগ্ধ সকলে প্ৰয়াত নেতা গৰাকীৰ বাসভৱনত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰোপৰি কেএছএৰ পতাকাৰে নেতা গৰাকীৰ নশ্বৰ দেহ আৱৰি গভীৰ শ্ৰদ্ধাঞ্জলি গোপন কৰে ।
প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে কেএছএৰ জন্ম লগ্নৰে পৰা পাহাৰীয়া জিলাখনত গুণগত শিক্ষা, স্বায়ত্বৰাজ্য আন্দোলনত যোগদান কৰাৰ লগতে জিলাখনক উন্নয়নৰ শিখৰত নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে কে এছ এ ৰ ইংলংফো গোটৰ সভাপতি থাংচিং তিমূঙ আৰু সহকাৰী তাৰ্কিক সম্পাদক জৰ্জ তিমূঙে ।













