![]()
আজি দিনজোৰা কাৰ্যসূচীৰে ডিফু ক্লাবত অনুষ্ঠিত হয় নিৰ্মান আৰু অন্যান্য শ্ৰমিক সকলৰ এখনি গুৰুত্ব পূৰ্ণ বৈঠক । অল কাৰ্বি আংলং বিলডিং এণ্ড আদাৰ কনষ্ট্ৰাকছন ৱৰ্কাৰ্চ ইউনিয়ন সভাপতি দিলীপ কিলিঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰা সন্থাৰ সাধাৰণ সম্পাদক আছমত আলীয়ে।

বৈঠকখনত অসংগঠিত ক্ষেত্ৰৰ ঠিকাদাৰ আৰু উপ ঠিকাদাৰ সকলক কাৰ্বি প’হৰে সম্বৰ্ধনা জনোৱাৰ লগতে শ্ৰেষ্ঠ ঠিকাদাৰ আৰু মিস্ত্ৰী সকলক ট্ৰফীৰে পুৰস্কৃত কৰা হয় । আজিৰ সভাই চহৰ খনত কৰ্মৰত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক সকলে সন্মুখীন হৈ অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰে ফেৰ মাৰিবলৈ শ্ৰমিক সকলৰ দৈনিক মজুৰি আজিৰ পৰা সামান্য বৃদ্ধি কৰে সংগঠনটোৱে ।
ইয়াৰোপৰি শ্ৰমিক সকলক সংগঠনটোৰ পৰিচয় পত্ৰ শীঘ্ৰে শ্ৰমিক সংগঠনটোৰ পৰা আহৰণ কৰিবলৈ আহ্বান জনায় অল কাৰ্বি আংলং বিলডিং এণ্ড আদাৰ কনষ্ট্ৰাকছনৰ নেতা কৰ্মী সকলে ভাষণ যোগে আহ্বান জনায় ।
ইয়াৰোপৰি সভাপতি দিলীপ কিলিঙে ভাষণ প্ৰসংগত কয় যে, এতিয়াৰ পৰা যিকোনো শ্ৰমিক বা ঠিকাদাৰক কোনো ব্যক্তি বা দল সংগঠনৰ লোকে চান্দা খুজি হাৰাশাস্তি কৰিব নোৱাৰিব । চান্দা খুজিবলৈ হলে পোনে পোনে অল কাৰ্বি আংলং বিল্ডিঙ এণ্ড আদাৰ কনষ্ট্ৰাকছনৰ ৱৰ্কাৰ্চ ইউনিয়ন কাৰ্য্যালয়ৰ অনুমতি সাপেক্ষেহে লব পাৰিব বুলি কয়।
আনহাতে যিকোনো কামৰ বাবদ জিলাখনত স্থানীয় ঠিকাদাৰ আৰু মিস্ত্ৰী সকলক প্ৰথম প্ৰাধান্য দিব লাগিব মালিক পক্ষই । স্থানীয় ঠিকাদাৰ আৰু মিস্ত্ৰীয়ে উক্ত কাম কৰাৰ ইচ্ছা নকৰিলে বহিৰাগত ঠিকাদাৰক সেই কাম মালিক পক্ষই দিব পাৰিব বুলি কয় নেতা গৰাকীয়ে । ইফালে শ্ৰমিক সংগঠনটোৰ সাধাৰণ সম্পাদক আছমত আলীয়ে নিজৰ ভাষণত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক সকলক ঐক্যবদ্ধ আৰু শ্ৰমিক সকলৰ বিভিন্ন সমস্যাক লৈ ঐক্যবদ্ধ ভাবে যুঁজ দিব লাগিব বুলি মন্তব্য কৰে ।
আজিৰ সভাত অল কাৰ্বি আংলং বিলডিঙ এণ্ড আদাৰ কনষ্ট্ৰাকছন ৱৰ্কাৰ্চৰ ৰ উপ সভাপতি প্ৰতি ৰজা বৰ ভূঞা , প্ৰাক্তন ছাত্ৰ নেতা চেলাবৰ বে ‘ আৰু শ্ৰমিক সংগঠনটোৰ ভ্ৰাম্যমাণ গোটৰ নেতা জয়ছন হাঞ্চে আৰু ভাৰত ইংহিয়েও গঠনমূলক আৰু মূল্যবান ভাষণ প্ৰদান কৰে ।













