![]()
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰকে ধৰি মুঠ ৪০৭ গৰাকী শিক্ষাৰ্থীৰ মাজত অসম চৰকাৰৰ প্ৰজ্ঞানভাৰতী আঁচনিৰ অধীনত বিনামূলীয়া স্কুটি বিতৰণ কৰা হয়।

এই উদ্দেশ্যে আজি ডিফুৰ চাৰছিং টেৰণ (লাংকুং হাৱে) মেমʼৰিয়েল টাউন হলত এক বিশেষ অনুষ্ঠানত কাৰ্বি আংলঙৰ ৩২০ গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৮৭ গৰাকী শিক্ষাৰ্থীৰ মাজত স্কুটিসমূহ বিতৰণ কৰা হয়।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্কুটি লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা বিগত বৰ্ষৰ তুলনাত দুগুণ লৈ বৃদ্ধি পোৱাৰ লগতে মেডিকেল প্ৰৱেশ পৰীক্ষা, এ পি এছ চিৰ পৰীক্ষাত সাফল্য লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা জিলাখনত বৃদ্ধি পোৱা বুলি মন্তব্য কৰে।
অনুষ্ঠানটোত অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহন, জিলা উপায়ুক্ত মধুমিতা ভাগৱতীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













