![]()
ছয় উগ্ৰপন্থী সংগঠন মূল সুতিলৈ ঘূৰি অহাক লৈ চৰকাৰে পাহাৰীয়া জিলাখনত শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ সমীপত অবৈধ মৰণাস্ত্ৰসহ এজন যুৱকক আটক কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত আজি জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুনতি মজুমদাৰৰ সহায়ত ডিফুৰ সমীপৰ ডিলাজি ফৰেষ্ট গেইটৰ যতীন শইকীয়াৰ পুত্ৰ মিন্টো শইকীয়াৰ ঘৰত তালচি চলাই এটা ‘৩২ পিষ্টলৰ .32 pistol আৰু দুটা সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে মিনটো শইকীয়াক আটক কৰিছে বুলি জানিব পৰা গৈছে ।













