![]()
আজি পুৱতি নিশা কাৰ্বি আংলং Karbi Anglong আৰক্ষীয়ে অবৈধ মৰণাস্ত্ৰৰ Illegal Arms বিৰুদ্ধে এক অভিযান চলাই লাভ কৰে বৃহৎ সফলতা । কালি ডিফুৰ সমীপৰ ডিলাজীৰ পৰা মিনটু শইকীয়া নামৰ লোক জনৰ কবলৰ পৰা এটা পইন্ট .32 পিষ্টলৰ উদ্ধাৰ কৰাৰ পিছত আজি পুৱতি নিশা প্ৰায় 2মান বজাত পুনৰ পইন্ট .32 পিষ্টল ডকমকা এলেকাৰ পৰা উদ্ধাৰ কৰা ঘটনাই জিলা খনত তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাৰ নেতৃত্বত ,হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জিত তেৰাং উপ পৰিদৰ্শক হেমকান্ত কুমাৰ দত্ত আৰু সংগীয় ষ্টাফৰ সহযোগত Dokmoka থানা এলেকাৰ তাৰাবাছাত এক অভিযান চলাই মেনসিং ক্রৰ পুত্ৰ মিন্দৰ ক্ৰৰ কবলৰ পৰা ডকাইতি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা এটা পইন্ট 32 পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত কাৰ্য্যত জৰিত মিনদাৰ ক্ৰৰ সহযোগী সঞ্জো তাৰ’কো আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ।













