![]()
যোৱা ১৪ ডিচেম্বৰত হামৰেণ (Hamren)কাৰাগাৰত অসুস্থ হৈ মৃত্যু বৰণ কৰা কয়দী দ্বিপেন্দ্ৰ ফাংছ’ৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰিছে আঞ্চলিক ৰাজনৈতিক দল ASDC য়ে । দলটোৰ প্ৰচাৰ শাখাৰ সদস্য কমল সিং বেই সংবাদ মধামলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে বৈঠালাংছ আৰক্ষী থানাৰ অধীনৰ গোচৰত মৃত্যু বৰণ কৰা ফাংচ’ৰ মৃত্যু সম্পৰ্কে এক ন্যায়িক তদন্ত হব লাগে।

ইয়াৰ লগতে মৃত ফাংচৰ পৰিয়াল বৰ্গক উচিত ক্ষতিপূৰণ দিব লাগে বুলি দাবী জনায় দলটোৱে । ইয়াৰোপৰি উক্ত সময়ত কৰ্তব্যত থকা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় দলটোৱে । উল্লেখ যোগ্য যে, এটা চুৰি গোচৰত ফাঙচৰ লগতে আন তিনিজন সতীৰ্থক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিছিল ।












