![]()
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ কিশোৰীক বিভিন্ন প্ৰলোভনেৰে বহিঃ ৰাজ্যলৈ নি বুজন অংকৰ ধনৰ বিনিময়ত বিক্ৰীৰ বাবে অপৰাধী চক্ৰ তৎপৰ হৈ অহাৰ সময়তে কাৰ্বি আংলং Karbi Anglong জিলা আৰক্ষীৰ অভিযানত বিগত ১০ দিনত ছয় গৰাকী নাবালিকাক উদ্ধাৰ হোৱাৰ এক বাতৰি পোহৰলৈ আহিছে ।

আজি ডিফুস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে । আৰক্ষী বিষয়া গৰাকীয়ে কয় যে, যোৱা ৮ ডিচেম্বৰত ডিফু থানাৰ এক এজাহাৰৰ ভিত্তিত অনুসন্ধান কৰি হাৰিয়ানাৰ ৰাজস্থানত অভিযান চলাই ফাতেহাবাদৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী ।

ইয়াৰ পিছত বোকাজান থানাৰ চাৰিখনকৈ এজাহৰৰ ভিত্তিত ক্ৰমে, বোকাজান ৰেল ষ্টেচনৰ পৰা দুগৰাকী, ডিমাপুৰ ৰেল ষ্টেচনৰ পৰা এগৰাকী আৰু তিনিচুকীয়াৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ পাহাৰীয়া জিলা খনৰ বকলীয়াঘাটৰ পৰা অপৰাধী চক্ৰই এগৰাকী নাবালিকাক কৌশলেৰে সুদূৰ ৰাজস্থানত বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা দহ ডিচেম্বৰত বকলীয়াঘাটৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী সন্ধান হীন হোৱাৰ তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে বকলীয়াঘাট থানাৰ ৩৭/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তৎপৰতাৰে উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে।
এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰু ডিফু চাইল্ডলাইনৰ সহযোগত চলোৱা অনুসন্ধানত কিশোৰী গৰাকীক ডিফুৰ সমীপৰ বিৰলাৰ মুকেশ চৌধুৰীৰ পত্নী নীতু দেৱী (২৭) মহিলাগৰাকীয়ে পৰিয়ালৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ প্ৰলোভনেৰে ৰাজস্থানলৈ লৈ যোৱাৰ তথ্য লাভ কৰে।
আনহাতে, ৰাজস্থানৰ ঝুনঝুনুন জিলাত উপস্থিত হৈ মহিলাগৰাকীয়ে গোধাগৰ্জী থানাৰ অন্তৰ্গত বুধি নগৰ ভৰ্কি নিবাসী উমীদ সিং (৩৩) নামৰ লোকজনৰ ওচৰত বিবাহৰ উদ্দেশ্যে কিশোৰী গৰাকীক বিবাহৰ উদ্দেশ্যে বিক্ৰী কৰে। এই তথ্য লাভ কৰিয়েই বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল ৰাজস্থানৰ ঝুনঝুনুন জিলাত উপস্থিত হয়।
আৰক্ষীৰ দলটোৱে ৰাজস্থান আৰক্ষী, চাইল্ডলাইন ডিফু আৰু চি ডব্লিউ চি ৰাজস্থানৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে কিশোৰী গৰাকীক ৰাজস্থানলৈ নি বিক্ৰী কৰা নীতু দেৱী আৰু বিবাহৰ বাবে কিশোৰী ক্ৰয় কৰা উমীদ সিঙকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।
এইক্ষেত্ৰত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকণ কুমাৰ নাথে সাংবাদিকৰ আগত কয় যে, সক্ৰিয় সৰবৰাহকাৰী চক্ৰৰ বিপৰীতে কোনো সুবিধাবাদী চক্ৰ স্বভৱজোনিত কাৰণত বিশ্বাসত লোৱাৰ বাবে এনে ঘটনাক্ৰম জিলাখনত সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰে ।













