![]()
উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে শ্বিলঙত Shillong আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Narendra Modi লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জি কিষাণ ৰেড্ডী, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।

উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত পৰিষদৰ ৫০ বছৰীয়া যাত্ৰাৰ এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৫০ বছৰৰ উত্তৰ-পূব অঞ্চলৰ উন্নয়ন তথা উত্তৰ-পূব পৰিষদৰ অৱদানৰ কথা উল্লেখ কৰি প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘সোণালী ভৰিৰ ছাপ’ মুকলি কৰাৰ সমান্তৰালকৈ ৰাজ্যত ২৪৫০ কোটিৰো অধিক মূল্যৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনো কৰে।

মোদীয়ে মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে পাৰ হ’বলগীয়া ৪টা পথ প্ৰকল্পৰ আধাৰশিলা, মেঘালয়ত টেলিকম সংযোগ অধিক উন্নত কৰাৰ বাবে ৪জি টাৱাৰৰ উদ্বোধন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম) উদ্বোধন কৰাৰ লগতে আন বহুকেইটা উন্নয়নমূলক কাৰ্যৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে ভাষণত কয়- ”আমি উত্তৰ-পূবত বিবাদৰ সীমা নহয়, উন্নয়নৰ বুনিয়াদ গঢ়িছোঁ। আমি আজি কাটাৰত (#FIFAWorldCup) খেল চাইছোঁ আৰু খেলপথাৰত বিদেশী দল চাই আছোঁ। কিন্তু দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত মোৰ বিশ্বাস আছে।
গতিকে, মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে সেই দিনটো বহু দূৰত নহয় যেতিয়া আমি ভাৰততো একেধৰণৰ ক্ৰীড়া উৎসৱ পালন কৰি ত্ৰিৰংগ উত্তোলন কৰিম। আজি কেন্দ্রীয় চৰকাৰে ক্ৰীড়া সন্দর্ভত এক নতুন পন্থা লৈ আগবাঢ়িছে, ইয়াৰ পৰা উত্তৰ-পূর্বাঞ্চল উপকৃত হৈছে, উত্তৰ-পূর্বাঞ্চলৰ যুৱক-যুৱতীসকল উপকৃত হৈছে৷”ইয়াৰ লগতে, তেখেতে আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰই ৭ লাখ কোটি টকা ব্যয় কৰা বুলি কয়।













