![]()
ছত্তীশগড়ৰ Chhattisgarh গৰিয়াবন্দ জিলাত এক শোকাৱহ ঘটনা সংঘটিত হয়। কোহকা নিবাসী সুমন সাহু নামৰ এগৰাকী মহিলাই গৰিয়াবাদস্থিত জতমাই মাতা দৰ্শন কৰিবলৈ গৈছিল আৰু সেই সময়তে বাছৰ পাছফালে ৰখি মহিলাগৰাকীয়ে নিজৰ ৫ মহীয়া কেঁচুৱা সন্তানটিক গাখীৰ খুৱাই থকা অৱস্থাত বাছখন পিছুৱাই দিয়ে।

বাছৰ খুন্দাত মাতৃ আৰু পুত্ৰই কৰুণ মৃত্যুক আঁকোৱালিবলগীয়া হয়।জানিব পৰা মতে, দৰ্শনৰ বাবে যোৱা মহিলাগৰাকীৰ কেঁচুৱাটিৱে কন্দাত তেওঁ বাছৰ পাছফালে বহি স্তনপান কৰোৱাইছিল। তেনে, সময়তে বাছৰ পিছুৱাই আৰু সেই খুন্দাত থিতাতে মাতৃ সুমন সাহুৰ মৃত্যু হয়।
কণমানি শিশুটিক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও শিশুটোৰো মৃত্যু হয়। এই সন্দৰ্ভত চুৰা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।











