![]()
সন্ত্ৰাসবাদীৰ বিপুল অস্ত্রশস্ত্র উদ্ধাৰ জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাবাহিনীয়ে। দেওবাৰে উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰিত তালাচী চলাই উদ্ধাৰ কৰা হয় এই অস্ত্র ভাণ্ডাৰ। ইয়াৰ উপৰি উদ্ধাৰ কৰা হৈছে আৰু কিছু সামগ্ৰী। তাত পাকিস্তানৰ পতাকাৰ চিহ্ন আছে বুলি জনাইছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে।
বাৰামুলা জিলা আৰক্ষী সূত্রে জানিব পৰা মতে, উৰিৰ পৰা উদ্ধাৰ কৰা হৈছে ৮টা একে ৭৪ চিৰিজ স্বয়ংক্রিয় ৰাইফল, ২৪টা মেগজিন আৰু ৫৬০ ৰাউণ্ড গুলী। লগতে উদ্ধাৰ হৈছে ১২টা পিস্তল, ২৪টা মেগজিন আৰু ২৪৪ ৰাউণ্ড বুলেট। ইয়াৰ উপৰি উদ্ধাৰ কৰা হৈছে ১৪টা গ্রেনেড। লাভ কৰা হৈছে পাকিস্তানৰ পতাকাৰ চিহ্ন থকা ৮১টা বেলুন। লগতে উদ্ধাৰ হৈছে আৰু কিছু সামগ্ৰী।
এই সন্দৰ্ভত ৰাষ্ট্রীয় ৰাইফলছৰ কর্নেল মণীষ পুঞ্জই জনাইছে, উৰিৰ হাথলঙ্গা ছেক্টৰত তালাচী চলাওতে সন্ধান পোৱা গৈছে উক্ত অস্ত্র ভাণ্ডাৰৰ। এই অস্ত্রশস্ত্রৰে কিহৰ ‘প্রস্তুতি’ চলাইছিল সেয়া অনুসন্ধান চলাইছে আৰক্ষী আৰু সেনাবাহিনীয়ে।












