![]()
ছুটীৰ সমস্যাই বহুতকে ঘৰলৈ উভতি আহি ভোট Vote দিবলৈ অহাত অসুবিধা কৰিছিল যদিও এইবাৰ সেয়া নহʼব। প্ৰব্ৰজিত শ্ৰমিক বা বহিঃৰাজ্যত বাস কৰা নাগৰিকৰ বাবে নিৰ্বাচন আয়োগে এক বিশেষ পদ্ধতি আৰম্ভ কৰিছে। এতিয়া ৰিমোট ভোটিং Remote EVM পদ্ধতিৰে ভোটদান কৰিব পাৰিব।

বৃহস্পতিবাৰে আয়োগে প্ৰকাশ কৰে এই অধিসূচনা। আয়োগে এক বিশেষ ধৰণৰ ইভিএম (Multi Constituency EVM) প্ৰস্তুত কৰিছে, যাৰ জৰিয়তে যিকোনো ঠাইৰ পৰা নিজৰ কেন্দ্ৰত ভোটদান কৰিব পাৰি। আয়োগে সকলো ৰাজনৈতিক দলকে এই পদ্ধতিৰ ব্যাখ্যা দিবলৈ আহ্বান জনাইছে। ১৬ জানুৱাৰীত সকলো পক্ষক এই পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰা হʼব।
এনেকুৱা এটা মেচিনৰ পৰা একেলগে ৭২টা কেন্দ্ৰত ভোটদান কৰিব পৰা যাব।আয়োগৰ মতে, উন্নত প্ৰযুক্তিৰ যুগত ভোটদানৰ ক্ষেত্ৰত আৰু কোনো বাধা থাকিব নালাগে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ হাৰ আছিল ৬৭.৪ শতাংশ। আৰু সেই সংখ্যাক লৈ চিন্তিত আয়োগ। ৩০ কোটি ভোটাৰে এই সেৱা উপলব্ধ নোহোৱাৰ বাবে ভোট নিদিলে। আয়োগে ইয়াৰ আঁৰৰ কাৰণৰ ওপৰত চকু ৰাখিছে।
আয়োগে ৮টা জাতীয় দলৰ লগতে ৫৭টা আঞ্চলিক দলৰ প্ৰতিনিধিক আহ্বান জনাইছে। আয়োগে দিয়া বিবৃতি অনুসৰি, বহু লোক কৰ্মস্থলীত ঘৰৰ পৰা আঁতৰত থাকে, কিন্তু ভোটাৰ তালিকাৰ পৰা নাম আঁতৰাই নিদিয়ে। আৰু বহুতে কম সময়ৰ ভিতৰতে কৰ্মস্থলী সলনি কৰে আৰু অসুবিধাবোৰ ৰৈ যায়। কোৱা হয় যে নতুন ব্যৱস্থাই সেই সমস্যা সমাধান কৰিব।
এই পদ্ধতি সন্দৰ্ভত সকলো ৰাজনৈতিক দলৰ পৰা মতামত বিচৰা হৈছে। ৩১ জানুৱাৰীৰ ভিতৰত মতামত দিব লাগিব। মতামত পুনৰীক্ষণ কৰি নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব আয়োগে।











