![]()
৬ জন নাবালকৰ বিৰুদ্ধে এজন যুৱকক হত্যা কৰাৰ অভিযোগ। মধ্য প্ৰদেশৰ ইন্দোৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৩১ ডিচেম্বৰৰ সন্ধিয়া ইন্দোৰৰ ভানৱাৰকুৱান অঞ্চলৰ ব্যস্ত পথৰ সিপাৰে থিয় হৈ আছিল নাবালককেইজন। সেই সময়ত আয়ুষ নামৰ এজন যুৱকে বন্ধুৰ সৈতে বাইক চলাই আহি আছিল।

নাবালককেইজন ৰাস্তাৰ সিপাৰে থিয় হৈ থকাৰ সময়তে আয়ুষে তেওঁলোকক আঁতৰিবলৈ নিৰ্দেশ দিয়ে। সেই কথাতে দুয়োটা দলৰ মাজত অশান্তিৰ সৃষ্টি হয়।ইয়াৰ পিছত আয়ুষ আৰু তেওঁৰ বন্ধুজনে বাইকখন লৈ আগবাঢ়ে।
কিন্তু তেনেতে নাবালককেইজনে বাইকখনলৈ খেদি যায়। বাইকখনৰ পিছফালে বহি আছিল ২২ বছৰীয়া কলেজীয়া ছাত্ৰ আয়ুষ। এজন নাবালকে তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ। প্ৰহাৰ কৰি লগে লগে নাবালককেইজন সেই অঞ্চলৰ পৰা পলায়ন কৰে।
আহত যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। প্ৰহাৰ কাণ্ডৰ মুহূৰ্তটো চিচিটিভিৰ ফুটেজত ধৰা পৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন নাবালকক। তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।











