![]()
এটা ঘৰৰ ছাদৰ পৰা আন এটা ঘৰৰ ছাদলৈ জঁপিয়াবলৈ গৈ মৃত্যু হয় এজন যুৱকৰ। ইংৰাজী নৱবৰ্ষ উদযাপনৰ সময়ত তেওঁ উচ্ছ্বাস দেখুৱাব বিচাৰিছিল। কিন্তু তেওঁৰ এই প্ৰচেষ্টা সফল নহʼল।বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা।

কোট্টিগেপালীয়া অঞ্চলত মাজনিশা নৱবৰ্ষৰ পূৰ্বাহ্ন উদযাপন কৰিবলৈ মাতিছিল যুৱকজনক। তেওঁৰ নাম চন্দ্ৰকান্ত ওৰফে বাপি (৩০)। তেওঁ আচলতে ওড়িশাৰ বাসিন্দা। বঙাইগাঁৱৰ এটা বেগ ফেক্টৰীত কাম কৰিছিল। ভায়েকো আছিল বাপিৰ লগত। এটা ঘৰৰ ৪ নং মহলাত দুয়ো ভাতৃয়ে বাস কৰিছিল। তাৰ ঠিক কাষতে থকা ঘৰটোত তেওঁলোকৰ বন্ধুৱে বাস কৰিছিল।
দুয়ো একেলগে নতুন বছৰটো উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা আছিল যে মাজনিশা ১২ বজাৰ পিছত নতুন বছৰ আৰম্ভ হʼলে ছাদত কেক কাটিব।ইয়াৰ আগতে বছৰৰ শেষ নিশাটো বাপিয়ে বন্ধু-বান্ধৱীৰ সৈতে উদযাপন কৰি আছিল। অভিযোগ অনুসৰি, তেওঁ সুৰাপান কৰিছিল।
কাষৰ ঘৰৰ বন্ধুৱে কেক কাটিবলৈ ফোন কৰাত যুৱকজনে মদ্যপান কৰি ছাদৰ পৰা ওচৰৰ ঘৰৰ মুকলি বেলকনিলৈ জঁপিয়াই যাবলৈ চেষ্টা কৰে। ঘৰ দুটাৰ মাজত ৩ ফুট দূৰত্ব আছিল। কিন্তু মদ্যপান কৰি জঁপিয়াই তেওঁ বেলকনি পোৱাৰ পৰিৱৰ্তে তললৈ সৰি পৰে।পিছত তেওঁৰ বন্ধুসকলে তেওঁক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যায়।
কিন্তু চিকিৎসালয় পোৱাৰ আগতেই বাপিৰ মৃত্যু হয়। এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। ওড়িশাৰ যুৱকজনৰ ঘৰতো এই কথা অৱগত কৰা হৈছে।











