![]()
নৱবৰ্ষৰ পহিলা বোকাজানত Bokajan সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ গ’ল দুই ভাতৃৰ। NL-07-C-5890 নম্বৰৰ এখন বলেৰ’ আৰু AS-05-N-9051 নম্বৰৰ মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

বোকাজানৰ কৰ্মস্থলীৰ পৰা গোলাঘাটৰ জামুগুৰিৰ ২ নং লখিবাৰীৰ ঘৰলৈ নিশা গৈ থকা অৱস্থাত প্ৰাঞ্জিত বৰা আৰু জিৎ বৰাই উক্ত দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যুক আকোঁৱালিবলগীয়া হয়।












