![]()
পঞ্জাবৰ মুখ্যমন্ত্ৰী Chief Minister ভগৱন্ত মানৰ ঘৰৰ কাষৰ পৰা উদ্ধাৰ হৈছে বোমা! এই ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে চণ্ডীগড়ৰ ভগৱন্তৰ ঘৰৰ সমীপত উদ্ধাৰ হয় বোমাটো। কিন্তু যেতিয়া বোমাটো উদ্ধাৰ হয় তেতিয়া সেই সময়ত ভগৱন্ত তেওঁৰ বাসগৃহত নাছিল।

আৰক্ষীয়ে জনোৱা মতে, চণ্ডীগড়ত থকা পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ৫০০ মিটাৰ নিলগত হেলিপেডটোৰ সমীপত এটা সন্দেহজনক বস্তু দেখা গৈছে। শনিবাৰে বিয়লি প্ৰায় ৪ বজাৰ পৰা ৪.৩০ বজালৈ হেলিপেড আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ আম্বাগানত এজন টিউবৱেল মেৰামতিকাৰীয়ে সন্দেহজনক বস্তুটো প্ৰত্যক্ষ কৰে।
আৰক্ষী আহি বস্তুটো বিস্ফোৰক বুলি ধৰি লোৱাৰ পিছতে বোমা স্কোৱাডক মাতি অনা হয়। উক্ত স্থানত উপস্থিত হৈ বোমা স্কোৱাডে সন্দেহজনক বস্তুটোক বোমা বুলি চিনাক্ত কৰে।ইয়াৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। ভাৰতীয় সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডেও তদন্ত আৰম্ভ কৰিছে।
চণ্ডীগড় প্ৰশাসনৰ নোডেল বিষয়া কুলদীপ কোহলীয়ে সাংবাদিকৰ আগত কয়, ‘মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা সন্দেহজনক বস্তু উদ্ধাৰ হোৱাৰ তথ্য আমি লাভ কৰিছো। আমি পৰীক্ষা কৰি দেখিলো যে ই এটা সতেজ বোমা। আমি উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰোঁ।
উক্ত স্থানলৈ কেনেকৈ বোমাটো আহিল সেই কথা জানিবলৈ তদন্ত চলোৱা হৈছে। আমি বোমা স্কোৱাডৰ সৈতে সমগ্ৰ অঞ্চলটোৰ পুংখানুপুংখ তালাচী চলাই আছো। এতিয়া সেনাই আহি অধিক তদন্ত কৰিব।”











