![]()
আজি বোকাখাত (Bokakhat) পুৱতি সাহিত্য সভা ভৱন প্ৰাংগণত (Sahitya Sabha Bhawan Premises) গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সহযোগত গোলাঘাট জিলা কবি সন্মিলনৰ (Golaghat District Poet’s Conference) ১১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি (11th Foundation Day) উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম কবি সন্মিলনৰ পতাকা উত্তোলন কৰি গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি অমৰ শৰ্মাই বক্তব্য ৰাখে।

অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংচ বৰি আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক অজন্তা তালুকদাৰে।অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে দীপ হেষ্টিংচ বৰিয়ে। লগতে উপস্থিত জিলাৰ বিষয়-ববীয়া আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ মুখ্য উপদেষ্টা তথা বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, শাখাটোৰ উপদেষ্টা মণ্ডলী, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰ, বিষয়-ববীয়া আৰু সদস্য সকলে এগচকৈ মুঠ ১১ গচ বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত অপূৰ্ব বৰদলৈ, নিজৰা বৰঠাকুৰ, দীপ হেষ্টিংচ বৰি, গোলাঘাট জিলা কবি সন্মিলনৰ সহ সম্পাদক জয়ন্ত মৰাং আদিয়ে শুভেচ্ছামূলক বক্তব্য ৰাখে।
অনুষ্ঠানত বোকাখাত মহকুমা কবি সন্মিলনৰ ক্ৰমে উপদেষ্টা তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, উপদেষ্টাদ্বয় মনো বৰা আৰু পূৰৱী গোহাঁই, সহ সম্পাদক পংকজ কালিন্দী, প্ৰচাৰ সম্পাদক প্ৰাঞ্জল হাজৰিকা, সাংগঠনিক সম্পাদক মনোজ কৰ্মকাৰ, আমন্ত্ৰিত সদস্য মুনিন্দ্ৰ বৰদলৈ, কাৰ্যনিৰ্বাহক সদস্য তিলো ছেত্ৰী ৰাজীৱ বৰা আদি উপস্থিত থাকে। জিলাৰ প্ৰতিষ্ঠা দিৱসটি সূচাৰুৰূপে সম্পন্ন হৈ যোৱাৰ বাবে উপস্থিত সমূহ বিষয় ববীয়া, সদস্যলৈ জিলা আৰু শাখাৰ সম্পাদকদ্বয় ক্ৰমে দীপ হেষ্টিংচ বৰি আৰু অজন্তা তালুকদাৰে ধন্যবাদ জ্ঞাপন কৰে।













