ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
January 8, 2023
Reading Time: 1 min read
A A
0
অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

মৰিয়নী পথৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত কাঠকটীয়াত কালি নিশা অবৈধভাৱে ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি ঢেকীয়াজুলি চাহ বাগিচাৰ খেৰ লাইনৰ মনোজ তাঁতী নামৰ যুৱকজনৰ মৃত্যু হয়। এ এচ ০৩ এক্স-০৯৭৬ নম্বৰৰ স্কুটিৰে ঘৰলৈ আহি থকা অৱস্থাত কাঠকটীয়া অঞ্চলত পথৰ ওপৰত এএচ-২৩-এচি- ৫৩৬৩ নম্বৰৰ অবৈধভাৱে ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰি মৃত্যুক আঁকোৱালি লয়।

অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ
অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ

২২-২৪ বছৰীয়া যুৱক জনৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পথ অৱৰোধ কৰে স্থানীয় ৰাইজে।জানিব পৰা মতে, ‘অমৃত ব্ৰেণ্ড’ৰ আটা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলছ প্ৰাইভেট লিমিটেডৰ বৃহৎ আটা মিলটোলৈ কেঁচা সামগ্ৰী কঢ়িয়াই অনা বহু ট্ৰাক পথৰ ওপৰতে অবৈধ ভাৱে ৰখোৱা থাকে। কালি নিশাও এনে অনুৰূপ ঘটনাই হৈছিল।

তাৰোপৰি এই মিলটোৰ ভিতৰত থকা এশ টনৰ ৱেই ব্ৰীজত জুখিবলৈ দৈনিক শতাধিক ট্ৰাক অহা যোৱা কৰে আৰু সেই ট্ৰাকসমূহো পথৰ ওপৰতে অবৈধ ভাৱে দীৰ্ঘসময় ধৰি ৰখাই থয় । আনকি ৰখাই থোৱা ট্ৰাকৰ ফলত অন্য বাহনৰ চলাচল সুচল কৰিবলৈ চিনামৰা আৰক্ষীয়ে আৰক্ষী মোতায়েন কৰিবলগীয়াও হয় ।

কালিও আছিল কৰ্তব্যৰত আৰক্ষী । ইফালে, কালি ৰাতি দুৰ্ঘটনাত যুৱকজনৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগেই বাগিচাখনৰ শতাধিক লোক ঘটনাস্থলীত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু আৰক্ষীৰ লগত হতাহতিতো লিপ্ত হয়। একাংশ উত্তেজিত লোকে উপস্থিতিৰ ফলত আৰক্ষীয়ে মৃদু লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয় । পৰৱৰ্তী সময়ত চিনামৰাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইফালে, আজি প্ৰায় পুৱা ১১ মান বজাৰ পৰা দুপৰীয়া ১.৩০ মান বজালৈকে কেইবাশতাধিক লোকে কাঠকটীয়া অঞ্চলত যোৰহাট মৰিয়নি পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীসকলে এই ঘটনা ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলৰ কৰ্তৃপক্ষৰ ভুলৰ বাবেই সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তক ঘটনাস্থলীলৈ আহিব লাগিব বুলি দাবী জনোৱাৰ সমান্তৰালকৈ মিলটোৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰী দাবী জনায়।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আদিৰ বিষয়ববীয়াসকলৰ লগতে মৰিয়নিৰ ৰাজহ চক্ৰৰ বিষয়া অসীম বৰগোঁ‌হাই, মৰিয়নিৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰগোঁ‌হাই আদি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বিফল হোৱাত অধিক আৰক্ষীৰ লগতে অৰ্দ্ধ সামৰিক বাহিনীও নিয়োগ কৰা হয়।

উল্লেখ্য যে, মৃত মনোজ তাঁ‌তী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি হোৱাৰ বাবে মৃতকৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক মিলটোত স্থায়ী কামত নিযুক্তি দিবলৈ দাবী জনায় । এই দাবী জনাই আটছা, আছা আদিয়ে সুকীয়া সুকীয়াকৈ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰও প্ৰদান কৰে ।

পিছলৈ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, উপ আৰক্ষী অধীক্ষক মামনী হাজৰিকা আদি ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজোৱাৰ চেষ্টা চলায়। স্থানীয় ৰাইজৰ হুংকাৰৰ আগত হাৰ মানি অৱশেষত আৰক্ষী আৰু প্ৰশাসনৰ লোকে ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলছ প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

মিলটোৰ কৰ্তৃপক্ষৰ হৈ প্ৰৱন্ধক ৰাজনীশ ভৰালীয়ে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সৈতে আলোচনা কৰি ৰাইজৰ দাবীৰ ওচৰত সেও মানি ৰাইজৰ দাবী মানি ল’বলৈ বাধ্য হয় । তাৰোপৰি ভৱিষ্যতে মিললৈ অহা কোনো ট্ৰাক বা অন্য বাহন পথৰ দাঁ‌তিত পাৰ্কিং কৰা নহ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । একেদৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়েও পথটোৰ দাঁ‌তিত কোনো ট্ৰাক আদিক ৰাখিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে ।

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx