![]()
বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ পুনৰ জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন। ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ (Karbi Anglong Police)একেদিনাই দুটাকৈ সাফল্য।

ৰাতিপুৱা ডিলাইত ৩.৫ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ পাছত বোকাজানত পুনৰ জব্দ ৬৫০ গ্ৰাম হেৰ’ইন।AS-01-AL-1677 নম্বৰৰ এখন কলা ৰঙৰ স্ক’ৰপিঅ বাহনত উদ্ধাৰ হয় এই হেৰ’ইনখিনি।
৫০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ বজাৰমূল্য প্ৰায় ৩কোটি টকা।হেৰ’ইনসহ আৰক্ষীৰ জালত মণিপুৰৰ ইচাক এল আৰু তিনিচুকীয়া জিলাৰ লম্বিত মৰাণ নামৰ দুই সৰবৰাহকাৰী।












