![]()
গণধৰ্ষণৰ পিছতে মহিলাগৰাকীৰ ফোনটো কাঢ়ি লৈযায় অভিযুক্তই। তেতিয়াৰ পৰাই ফোনটো চুইচ অফ কৰি থৈছিল। যোৱা ৬ মাহ ধৰি আৰক্ষীয়ে অভিযুক্ত দুজনৰ সন্ধানত আছিল। কিন্তু একো সন্ধান পোৱা নাছিল। অৱশেষত মহিলাগৰাকীৰ সেই ফোনটোৱে ধৰাত সহায় কৰিলে এজন অভিযুক্তক। আন এজন পলাতক।

২০২২ চনৰ ২১ জুলাইত নয়ডা দ্বিতীয় ছেক্টৰত (Noida second sector) এগৰাকী মহিলাক গণধৰ্ষণৰ (Woman gang-raped) অভিযোগ উত্থাপন হৈছিল যশৱন্ত কুমাৰ নামৰ এজন ব্যক্তি আৰু তেওঁৰ ভায়েক অভয় প্ৰতাপৰ বিৰুদ্ধে। ইয়াৰ পিছতে অভিযুক্তই মহিলাগৰাকীৰ ফোন আৰু টকাৰ বেগ লৈ যায়। সেই ঘটনাৰ পিছত যশৱন্ত আৰু অভয় দুয়ো পলাতক হৈ আছিল। আৰক্ষীয়ে তেওঁলোকক ধৰিব পৰা নাছিল।
তদন্তৰ সময়ত আৰক্ষীয়ে দ্বিতীয় পৰ্যায় আৰু ইয়াৰ আশেপাশে থকা অঞ্চলৰ ৩০০টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। অঞ্চলটোৰ ১৫০টা কাৰখানাৰ প্ৰায় ১০০০ শ্ৰমিকক জেৰা কৰা হয়। কিন্তু কোনো সূত্ৰ পোৱা নাছিল। আৰক্ষীৰ চোৰাংচোৱাগিৰিৰ পৰা হাত সাৰিবলৈ অভিযুক্তই মহিলাগৰাকীৰ ফোনটো চুইচ অফ কৰি ৰাখিছিল। কেৱল সেয়াই নহয়, তেওঁলোকে নিজেও ফোনটো ব্যৱহাৰ কৰা নাছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।
আৰক্ষীয়েও অপেক্ষা কৰি আছিল অভিযুক্তৰ ভুলৰ বাবে। ঠিক ৬ মাহৰ পিছত অভিযুক্তই মহিলাগৰাকীৰ ফোন অন কৰে। যাৰ ফলত আৰক্ষীৰ কাম সহজ হৈ পৰে। নয়দাৰ ছেক্টৰ ৮৮ৰ ফুলমণ্ডি অঞ্চলত ফোন টাৱাৰৰ স্থান চিনাক্ত কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে অভিযান চলায়। অভিযুক্ত যশৱন্ত আৰু অভয়ে অঞ্চলটোত চাহৰ দোকান চলাই আছিল। আৰক্ষীয়ে ফোনটোৰ ভিত্তিত দোকানখনত অভিযান চলাই যশৱন্তক গ্ৰেপ্তাৰ কৰে। অভয় পলাতক হৈ আছে।












