![]()
ডিফুত (Diphu)বন্ধুৰ ঘৰৰ পৰা বিহু খাই উভতি অহাৰ পথত ৰেলৰ খুন্দাত যুৱকৰ মৃত্যু ৷ডিফু ৰেল ষ্টেছনৰ(Diphu Railway Station ) শীতলাবাৰী ৰেল লাইনত সংঘটিত হৈছে উক্ত দুৰ্ঘটনাটো ৷আজি পুৱাৰ ভাগত ডিফু চৰকাৰী ৰেলৱে আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে ছিন্ন ভিন্ন অৱস্থাৰ উদ্ধাৰ কৰে যুৱকৰ মৃতদেহটো (Dead body)৷

জানিব পৰা মতে যোৱা নিশা ডিফু ৰেল কলনিৰ এজন বন্ধুৰ ঘৰত বিহু খাই উভতি যোৱাৰ পিছত সংঘটিত হয় দুৰ্ঘটনাটো ৷যুৱকজন ডিফু ৰামঠাকুৰ কলনিৰ পৱন কুমাৰ সাহাৰ পুত্ৰ সুৰজিত সাহা (২৪) বুলি চিনাক্ত কৰা হৈছে ৷
এই সন্দৰ্ভত ডিফু চৰকাৰী আৰক্ষী পহৰা চকীত এক ইউ ডি গোছৰ ৰুজো কৰা হৈছে বুলি জানিব পৰা গৈছে৷মৰণোত্তৰ পৰীক্ষাৰ পিছত যুৱকজনৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷












