![]()
প্ৰস্ৰাৱৰ কেলেংকাৰীৰ (Air India urination incident)অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক( Shankar Mishra) এয়াৰ ইণ্ডিয়াৰ ৪ মাহৰ বাবে নিষেধাজ্ঞা। সংবাদ সংস্থা এএনআইৰ(ANI) সূত্ৰ অনুসৰি, এই সন্দৰ্ভত অন্তৱৰ্তীকালীন প্ৰতিবেদনো প্ৰস্তুত কৰা হৈছে।ইয়াৰ পূৰ্বে শংকৰক ৩০ দিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

তেওঁৰ এই কাৰ্যকলাপ পোহৰলৈ অহাৰ পিছতে প্ৰথমে বিমান সংস্থাটোৱে এই শাস্তি প্ৰদান কৰিছিল। ইয়াৰ পিছত দিল্লী আৰক্ষীয়ে শংকৰক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে গোচৰ চলি থকাৰ সময়তে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই এই নিষেধাজ্ঞা বৃদ্ধি কৰিছে। অহা ৪ মাহৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিব নোৱাৰিব যাত্ৰীগৰাকী।
ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে।নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী বিমানত এগৰাকী বৃদ্ধ মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল শংকৰে। ঘটনাৰ প্ৰায় এমাহৰ পাছতেই পুৰণি যাত্ৰীগৰাকীৰ চিঠিত বিষয়টো পোহৰলৈ আহে।
আমেৰিকাৰ বহুজাতিক কোম্পানী ওৱেলছ ফাৰ্গো এণ্ড কোম্পানীয়েও শংকৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।অভিযোগ অনুসৰি, মদ্যপান কৰি শংকৰে পেণ্ট খুলি সকলোৰে সন্মুখত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰে। বিমান পৰিচাৰিকাই তেওঁক বাধা দিয়ে যদিও তেওঁ কাৰো কথা নুশুনিলে।
শংকৰৰ অধিবক্তাই আদালতত দাবী কৰে যে শংকৰে বিমানত যৌন উদ্দেশ্যৰ বাবে পেণ্ট খোলা নাছিল। বৰঞ্চ তেওঁৰ ক্লায়েণ্ট মত্ত অৱস্থাত আছিল আৰু তেওঁৰ কোনো হুচ নাছিল। শেহতীয়াকৈ শংকৰে আদালতত পুনৰ ওলোটা দাবী কৰি কয় যে তেওঁ প্ৰস্ৰাৱ কৰা নাছিল।
তাৰ পৰিৱৰ্তে বৃদ্ধাই নিজেই নিজৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। কিন্তু তেওঁ গম পোৱা নাছিল।সেইদিনা বিমানখনত সঠিকভাৱে কি হৈছিল তাৰ তদন্ত চলি আছে। ইয়াৰ পূৰ্বে শংকৰক চাৰি মাহৰ বাবে এয়াৰ ইণ্ডিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে।











