![]()
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ(Uttar Pradesh) দেওৰিয়া জিলত এক ভয়ংকৰ দুৰ্ঘটনা(Road accident) সংঘটিত হয়। মদনপুৰ আৰক্ষী থানা এলেকাৰ ৰুদ্ৰপুৰ-বৰহাজ পথৰ বৰাউন ছেক্সনৰ সমীপত প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ পথৰ দাঁতিত জুই ধৰি( bonfire on the roadside)উম লোৱা ৩ লোক মহতিয়ালে এখন ট্ৰাকে। এই দুৰ্ঘটনাত উক্ত তিনি লোক থিতাতে মৃত্যু হোৱাৰ লগতে বৰহাজৰ পৰা ৰুদ্ৰপুৰ অভিমুখে গৈ থকা ট্ৰেইলাৰ ট্ৰাকৰ চালকজনো গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ চালকজনক চিকিৎসাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰেইলাৰে মহটিয়াই নিয়াৰ সময়ত এজন ব্যক্তিয়ে চাইকেল চলাই গৈ আছিল আৰু বাকী দুজনে পথৰ দাঁতিত জুইৰ উম লৈ আছিল।
দুৰ্ঘটনাটোত নিহত সকল হৈছে ক্ৰমে চাইকেল আৰোহী বাহছুৱানৰ নিৱাসী পৰশ পাণ্ডে (৫১), সমোগৰ নিৱাসী সুনীল (৪৫) আৰু বাহছুৱাৰ নিৱাসী গৌৰী। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।











