![]()
সত্তৰ বছৰীয়া শহুৰেকে পুত্ৰৰ মৃত্যুৰ পিছত আঠাইশ বছৰীয়া বোৱাৰীয়েকক বিয়া কৰালে (Marriage daughter-in-law)। উত্তৰ প্ৰদেশৰ(Uttar Pradesh) গোৰখপুৰৰ বৰাহলগঞ্জত সংঘটিত হৈছে এই ঘটনা। এই বিবাহ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে বিভিন্ন প্ৰতিক্ৰিয়া আহিবলৈ ধৰে। এই খবৰ আৰক্ষীৰ কাষ চাপিছে। এই বিবাহৰ কথা জানি আৰক্ষী বিষয়াসকলো হতভম্ব হৈ পৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সত্তৰ বছৰীয়া বৃদ্ধজনৰ নাম কৈলাস যাদৱ। তেওঁ আছিল বৰাহলগঞ্জ থানা অঞ্চলৰ চকীদাৰ। কৈলাসৰ চাৰিজন পুত্ৰ। ১২ বছৰ পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। শেহতীয়াকৈ কৈলাশৰ চাৰিটা পুত্ৰৰ তৃতীয় পুত্ৰৰ মৃত্যু হৈছে। তেওঁৰ পত্নী আঠাইশ বছৰৰ পূজা। কৈলাশে তেওঁক আনুষ্ঠানিকভাৱে বিয়া কৰায়।
চুবুৰীয়াৰ দাবী, পুত্ৰৰ মৃত্যুৰ পিছত কৈলাশে বোৱাৰীয়েক পূজাক বেলেগত বিয়া পাতি দিছিল। কিন্তু সেই পৰিয়ালতো তেওঁ বেছি দিন নাথাকিল। পুৰণি শহুৰেকৰ ঘৰলৈ উভতি আহে। তেওঁ তাতেই থাকিবলৈ লয়। কৈলাশৰ আত্মীয়ৰ দাবী, শহুৰেকে পূজাৰ সন্মতি সাপেক্ষে তেওঁক বিয়া কৰাইছিল। এই নতুন সম্পৰ্কক লৈ পূজা সুখী। কিন্তু দুয়োৰে বয়সৰ বৃহৎ পাৰ্থক্য থকাৰ বাবে গোৰখপুৰত তেওঁলোকৰ সম্পৰ্কৰ ওপৰত তীব্ৰ চৰ্চা চলি আছে।
এই বিবাহৰ খবৰ আৰক্ষীয়েও পায়। কিন্তু বৰাহলগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে। তেওঁৰ ভাষাত, “এয়া পৰিয়ালৰ কথা। যদি কোনো অভিযোগ দাখিল কৰা হয় তেন্তে আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিব।”











